24/03/2021
অষ্টিঅ’আৰ্থ্ৰাইটিছৰ দৰব আৰু ব্যায়াম
“এটা কথা অনস্বীকাৰ্য যে যিকোনো আৰ্থ্ৰাইটিছ আৰু অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছ ৰোগৰ বাবে ব্যায়াম কৰা বৰ দৰকাৰী। ব্যায়ামৰ ফলত মেদবহুলতা হ্ৰাস পোৱাৰ উপৰি অস্থিসন্ধিৰ নমনীয়তা অটুট ৰাখিব পাৰি। লগতে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰি। ৰোগীৰ অস্থিসন্ধি সচল ৰাখিব লাগিব। সেইয়েহে নিয়মীয়াকৈ ব্যায়াম কৰা বৰ দৰকাৰ।”
বাৰ্ধক্যৰ আগমনৰ আনুষংগিকভাৱে মানৱ দেহৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰত বিষ-যন্ত্ৰণা ইত্যাদি নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। ইয়াৰ ভিতৰত আঁঠুৰ বিষ বিশেষভাৱে উল্লেখনীয়। এনে হ’লে সৰহভাগ মানুহেই মালিচ লয় আৰু দৰব খায়। কেতবোৰ নিয়ম মানি মালিচ কৰিলে উপসৰ্গবোৰ প্ৰশমিত হয়। কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো বিষনাশক দৰব খাব নালাগে। অন্যথা মাৰাত্মক ফলাফলে দেখা দিব পাৰে।
এই কথাষাৰ মই এইবাবে আৰম্ভণিতে ক’লো যে অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছত আক্ৰান্ত ৰোগীসকলৰ এই বুজনসংখ্যকেই নিজেই দৰব কিনি খাবলৈ আৰম্ভ কৰে। অৰ্থাৎ এইক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। প্ৰতিটো দৰবৰে পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে আৰু ইয়াৰে কেতবোৰ গুৰুতৰ ধৰণৰ। এনে পাৰ্শ্বপ্ৰতিক্ৰিয়া উপলব্ধি কৰিবলৈ বাধ্য হয় বুলি মই ভাৱো- ‘The cure is often worse than the disease itself’ আঁঠুৰ বিষ যদিহে অত্যন্ত বেছি হয়- ইমানেই বেছি যে ৰোগীয়ে নিজৰ দৈনন্দিন কাম-কাজ কৰাৰ ক্ষেত্ৰত ভালেখিনি অসুবিধা পাই- তেনেহ’লে ৰোগীজনক চিকিৎসকে পৰিস্থিতি অনুধাৱন কৰি নিশ্চিয়কৈ বিষনাশক দৰব দিবই। এইক্ষেত্ৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ দিশটো সাময়িকভাৱে উলাই কৰিলেও দীৰ্ঘকালীন দৰবৰ ব্যৱহাৰৰ ফলত নানা উপসৰ্গই দেখা দিব পাৰে। নিৰাপদে আঁঠুৰ বিষৰ উপশমৰ বাবে কেতবোৰ ব্যায়াম কৰা অতি দৰকাৰী।
প্ৰকৃততে আঁঠু হৈছে এটা সন্ধি বা গাঁঠি- য’ত দুডাল হাড় মিলিত হৈছে। এই গাঁঠিটোক টানকৈ ধৰি ৰাখে কেতবোৰ মাংসপেশী বা Muscle আৰু ‘লিগামেণ্ট’ (Ligament) বা সন্ধিবন্ধনীয়ে। ৰোগীৰ মাংসপেশীবোৰ মজবুত কৰি তোলা অতিকৈ জৰুৰী হৈ পৰে। কাৰণ এই মাংসপেশীবোৰেই আঁঠুৰ ‘ছাপ’টিং ষ্ট্ৰাকচাৰ’ অৰ্থাৎ পেশীবোৰে আঁঠুৰ শক্তি প্ৰায় স্বাভাৱিক অৱস্থাত ৰাখে। গতিকে যদিহে পেশীবোৰ দুৰ্বল হয়, তেনেহ’লে ৰোগীৰ আঁঠুৰ নানা সমস্যাই দেখা দিব পাৰে। সেইয়েহে এই পেশীবোৰ মজবুত কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ ব্যায়াম কৰা দৰকাৰ হৈ পৰে। ৰোগীৰ আঁঠুৰ পেশী মজবুত হ’লে বিষ দূৰ হোৱাৰ উপৰি আঁঠুটোও বেছি মজবুত হৈ পৰে।
এইক্ষেত্ৰত কেতবোৰ যোগাসন কৰিব পাৰি- যিবোৰ বিজ্ঞানসন্মত বুলি আজিকালি বিশেষজ্ঞসকলেও স্বীকাৰ কৰিছে।
আজি কিছুদিনৰ আগতে আমেৰিকান কলেজ অব ‘কছমেটোল’জী’ নামৰ সংস্থাটোৰ নতুন গাইডলাইনখিনি এখন আলোচনীত পঢ়িবলৈ পালো। তাত এনেদৰে উল্লেখ কৰা হৈছে- ‘Staying active and losing weight are amount the best ways of alleviate the osteoarthritis pain.’ (অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছৰ ফলত হোৱা বিষ প্ৰশমনৰ বাবে সৰ্বোত্তম উপায় হ’ল ৰোগীয়ে নিজকে দৈহিকভাৱে সক্ৰিয় কৰি ৰখা আৰু ওজন হ্ৰাস কৰা)। তদুপৰি তাত এনেদৰে পুনৰাই উল্লেখ কৰা হৈছে- ‘আঁঠু’ আৰু কঁকালৰ অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছ ৰোগ চিকিৎসাৰ বাবে ১৯৯৫ চনতে যিখিনি পৰামৰ্শ দিয়া হৈছিল, এতিয়া এই নিৰ্দেশখিনিয়ে তাক পুনৰ সংশোধন কৰিবলৈ লোৱা শেহতীয়া গৱেষণাক এক নতুন দৃষ্টিৰে নিৰীক্ষণ কৰিছে। অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছ হৈছে এনে এক ৰোগ যিবিধ সন্ধিত থকা কাৰ্টিলেজৰ ক্ষয়ীভৱনৰ ফলত উদ্ভৱ হয়। গতিকে শেহতীয়াভাৱে সংশোধিত পৰামৰ্শৱলীয়ে সন্ধিৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবলৈ ব্যায়াম আৰু ওজন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।’
গতিকে এটা কথা অনস্বীকাৰ্য যে যিকোনো আৰ্থ্ৰাইটিছ আৰু অষ্ট্ৰিঅ’আৰ্থ্ৰাইটিছ ৰোগৰ বাবে ব্যায়াম কৰা বৰ দৰকাৰী। ব্যায়ামৰ ফলত মেদবহুলতা হ্ৰাস পোৱাৰ উপৰি অস্থিসন্ধিৰ নমনীয়তা অটুট ৰাখিব পাৰি। লগতে শৰীৰৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধিব পাৰি। ৰোগীৰ অস্থিসন্ধি টান হৈ গ’লেও আৰু অস্থিসন্ধিৰ বিষত ৰোগীয়ে অসুবিধা পালেও অস্থিসন্ধি সচল ৰাখিব লাগিব। সেইয়েহে নিয়মীয়াকৈ ব্যায়াম কৰা বৰ দৰকাৰ।
ব্যায়াম বুলিলেই ৰোগীয়ে ভয় খাব নালাগে। ব্যায়ামকাৰীসকলে কাহানিও তেনে গুৰুতৰ ব্যায়াম কৰাৰ দৰকাৰ নাই। লাহে লাহে নিয়ন্ত্ৰিতভাৱে অংগ চালনা কৰিব পাৰিলেই যথেষ্ট। তেনে ব্যায়াম ৰোগীয়ে শুই বা বহিয়েই আৰাম কৰিয়েই কৰিব পাৰিব। বিশেষজ্ঞসকলে এই সন্দৰ্ভত এনেদৰে কৈছে- আনকি অত্যন্ত সৰলতম আৰু আটাইতকৈ উজু ধৰণৰ ব্যায়ামেই ৰোগীৰ বাবে অত্যন্ত উপকাৰী হৈ পৰে। ই ৰোগীৰ গাঁঠি, মাংসপেশী আৰু হাড়বোৰ শক্তিশালী, সক্ৰিয় আৰু স্বাস্থ্যৱান কৰি ৰাখে।’ এনে ধৰণৰ ব্যায়াম কৰা হেতুকে কষ্ট খাব নালাগে বা ফোঁপনি নুঠে বা শৰীৰৰ ঘামো নিৰ্গত নহয়। ৰোগীৰ আঁঠুত যদিহে এনেধৰণৰ বিষৰ উৎপত্তি হয় যে তেওঁৰ বাবে ব্যায়াম কৰা অসম্ভৱ হৈ পৰে- তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দৰব খাই বিষ কমাব লাগিব। আৰু তাৰ পিছতহে ব্যায়াম আৰম্ভ কৰিব লাগিব। প্ৰাৰম্ভিক পৰ্যায়ত অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয় (ব্যায়াম কৰা ক্ষেত্ৰত)।
ব্যায়াম আৰম্ভ কৰাৰ পিছত নকৈ বিষৰ উৎপত্তি হ’ব পাৰে। ৰোগীৰ শৰীৰৰ অনভ্যস্ততাৰ হেতুকে এনেদৰে বিষাব পাৰে। এনেদৰে বিষৰ উৎপত্তি হ’লেও ব্যায়াম কৰা বন্ধ কৰিব নালাগে। ফলত দেখা যাব যে অনতিপলমে বিষ নিবাৰণ হৈছে।
ব্যায়াম কৰাৰ পূৰ্বে কেতবোৰ সতৰ্কতা অৱলম্বন কৰা দৰকাৰ। এই সন্দৰ্ভত তলত উল্লেখ কৰিলো-
১) মল-মূত্ৰৰ ৰোগীসকলে অসুখীয়া অৱস্থাত ব্যায়াম কৰিব নালাগে। ব্যায়াম কৰাৰ পূৰ্বে নাক আৰু ডিঙি পৰিষ্কাৰ কৰা ভাল।
২) সদায়েই দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে ব্যায়াম কৰিব লাগে।
৩) ব্যায়ামৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয়বোৰ হৈছে- ধৈৰ্য, শৃংখলা, আত্মবিশ্বাস আৰু অধ্যাৱসায়। ব্যায়াম কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰাই সুফল লাভ কৰিবলৈ কেতিয়াও আশা কৰিব নোৱাৰি। নিশ্চয়কৈ কিছু সময়ৰ দৰকাৰ হ’ব।
৪) ব্যায়াম কৰাৰ সময়ত কাহানিও বেলিৰ পোহৰৰ পিনে মুখ কৰি বহিব নালাগে। তদুপৰি শৰীৰটো চেঁচা পৰা যেন অনুভৱ হ’লেই ব্যায়াম শেষ কৰিব লাগে, শৰীৰটো কিছু ঠাণ্ডা কৰি কিছু সময় জিৰণি লৈ পুনৰ ব্যায়াম কৰা দৰকাৰ।
৫) মুকলি ঠাই বা বতাহ চলাচল কৰা ঘৰতহে ব্যায়াম কৰিব লাগে।
৬) ব্যায়াম কৰাৰ সময়ত ফেন ব্যৱহাৰ কৰাটো ৰোগীৰ ওপৰত নিৰ্ভৰশীল। মনত ৰখা ভাল যে গৰমতহে ভাল ব্যায়াম হয়। কিয়নো গৰমত শৰীৰৰ পেশীবোৰ শিথিল হৈ পৰে আৰু ফলত লৰচৰ কৰা উজু হৈ পৰে।
৭) ব্যায়াম কৰাৰ সময়ত কথা পাতি থাকিব নালাগে- মনতে ব্যায়ামৰ বাদে অন্য একো কথা ভাৱিব নালাগে। ৰোগীয়ে নিজৰ মন-প্ৰাণ ব্যায়ামতেই নিবদ্ধ কৰিব লাগে।
৮) ব্যায়াম কৰাৰ সময়ত মুখৰ মাংসপেশী, কাণ আৰু চকুৰ ওপৰত যাতে অযথা কোনো চাপ নপৰে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে।
৯) নিতৌ ব্যায়াম কৰিব লাগে। অৱশ্যে অসুখ-বিসুখ বা কিবা অনিবাৰ্য কাৰণবশতঃ যদিহে কোনোবা দিনা বাদ পৰে তেনেহ’লে সেইটো সুকীয়া কথা।
১০) যদিহে সঠিকভাৱে ব্যায়াম কৰা হয়, তেনেহ’লে তাৰ সুফল অনতিপলমে পোৱা যাব।
জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)
Follow MEDICITY GUWAHATI:
Facebook: https://www.facebook.com/medicityguwahati/
Twitter: https://twitter.com/MedicityGuwaha3
Instagram: https://www.instagram.com/medicityguwahatiaditya/?hl=en
Visit: https://www.medicityguwahati.com/