15/11/2021
পুৰুষৰ যৌন দুৰ্বলতা, কাৰণ আৰু আয়ুৰ্বেদিক প্ৰতিকাৰ
এটা বয়সত পুৰুষ- মহিলা উভয়ে কিছু নহয় কিছু পৰিমাণে যৌন দুৰ্বলতা বা যৌন সমস্যাত ভুগি থকা দেখা যায়। চিকিৎসক হিচাপে হোৱা অভিজ্ঞতাৰ পৰা দেখা যায় যে প্ৰায়ভাগ ক্ষেত্ৰতে মানুহে এই সমস্যাৰ প্ৰাৰম্ভিক অৱস্থাত সাধাৰণতে কোনো নহয় কোনো বেজ, তান্ত্ৰিক বা সহজলভ্য আৰু লোভনীয় বিজ্ঞাপনৰ কাষ চাপে আৰু উপযুক্ত চিকিৎসাৰ অভাৱত এই সমস্যা লৈয়ে জীয়াই থাকে যেনেদৰে কিছুবছৰ আগতে মানসিক বেমাৰত ভোগা ৰোগীসকলৰ হৈছিলে।
কিন্তু ইয়াৰ মাজতে ভাল খবৰ এয়ে যে নৱ-প্ৰজন্মৰ বিশেষকৈ ন-বিবাহিত বা অতি শীঘ্ৰে বিবাহ বান্ধোনত আবদ্ধ হব লগা ব্যক্তি বা দম্পতী এই বিষয়ে যথেষ্ট সচেতন আৰু পৰামৰ্শৰ বাবে আহি থকা দেখা যায়। একমাত্ৰ উপযুক্ত পৰামৰ্শ (Proper counseling) আৰু কিছু বেমাৰৰ প্ৰাৰম্ভিক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিয়ে এক সুন্দৰ যৌন জীৱন উপভোগ কৰিব পাৰি। সেয়েহে আজি আমাৰ আলোচ্য বিষয় হল পুৰুষৰ যৌন দুৰ্বলতা কিয়নো বেছিভাগ পুৰুষে কম বেছি পৰিমাণে এই বেমাৰত ভোগা দেখা যায় (অৱশ্যে মহিলাৰ ক্ষেত্ৰতো এই সমস্যা বহুত আছে) ।
যৌন দুৰ্বলতা বুলিলে আমি কি বুজোঁ? সহজ অৰ্থত যৌন দুৰ্বলতা এনে এক সমস্যাক বুজায় যিয়ে ব্যক্তি বা দম্পত্তিৰ পৰিপূৰ্ণ যৌন ক্ৰিয়াৰ কোনোবা নহয় কোনোবা অৱস্থাত সম্পূৰ্ণ সন্তুষ্টিত বাধা প্ৰদান কৰে।এইখিনিতে উল্লেখ কৰা ভাল হব যে সম্পূৰ্ণ যৌন ক্ৰিয়াক আমি ৪ টা অৱস্থাত ভাগ কৰিব পাৰো - উত্তেজনা ( excitement), শীৰ্ষ অৱস্থা(Plateau), সম্পূৰ্ণ সন্তুষ্টি ( Or**sm) আৰু পূৰ্ব অৱস্থালৈ ঘূৰি যোৱা (Resolution)। এই চাৰি অৱস্থাৰ যিকোনো অৱস্থাতে যদিহে বাধাৰ সন্মুখীন হয় তেতিয়া আমি তাকে যৌন দুৰ্বলতা বুলি গণ্য কৰোঁ।
থুলমূল ভাৱে (যিহেতু গোটেইখিনি ইয়াত তুলি ধৰা সম্ভৱ নহয়) পুৰুষৰ যৌন দুৰ্বলতা আমি তলত উল্লেখ কৰা শ্ৰেণী সমূহত ভগাব পাৰো -
১. Desire Disorder or Hypoactive Sexual Desire ---- Loss of Libido বুলিলে আমি যৌন ক্ৰীড়াৰ প্ৰতি উদাসীনতা বা ইচ্ছাৰ অভাৱ বুলি বুজি পাওঁ।এয়া শাৰীৰিক বা মানসিক অৱস্থাৰ কাৰণে সাধাৰণতে দেখা যায়। শৰীৰত Testosterone Hormone ৰ অভাৱ হলেও এই সমস্যাত ভোগা দেখা যায়। অতিপাত Anxiety আৰু Depression হলেও এই সমস্যাই দেখা দিব পাৰে। অন্যান্য কাৰকৰ ভিতৰত Diabetes, High Blood Pressure বা কিছুমান Antidepressants ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও পুৰুষৰ যৌন দুৰ্বলতা দেখা দিব পাৰে।
২. Erectile Dysfunction - এটা বয়সৰ পিছত প্ৰায়ভাগ পুৰুষে এই সমস্যাত ভোগা দেখা যায়। Erectile Dysfunction বুলি তেতিয়াই কোৱা যায় যেতিয়া ব্যক্তিজনে লিঙ্গ শিথিলতা ৰ কাৰণে যৌন ক্ৰিয়া সম্পূৰ্ণ কৰাত অসমৰ্থ হয়। ইয়াৰ ঘাই কাৰণ হৈছে অংগৰ ৰক্ত সঞ্চালনতাত বাধা (Atherosclerosis) বা স্নায়বিক দুৰ্বলতা। ইয়াৰোপৰি অন্যান্য কাৰক যেনে Depression, Performance Anxiety নাইবা লিঙ্গত যদি কোনো আঘাত আদি থাকে।
৩. Ej*******on Disorder - আটাইবোৰ সমস্যাৰ ভিতৰত বেছিভাগ ৰোগীয়ে এই সমস্যাটো লৈয়ে অহা দেখা যায়।Ej*******on Disorder প্ৰধানকৈ তিনি ধৰণৰ হয় -
a. Premature Ej*******on - যাক আমি শীঘ্ৰ পতন বুলি কওঁ।
b. Inhibited or Re****ed Ej*******on - যেতিয়া বীৰ্যপাত নহয়
c. Retrograde Ej*******on - এই অৱস্থাত ৰোগীৰ বীৰ্য বাহিৰলৈ ওলোৱাৰ পৰিবৰ্তে মূত্ৰস্থলীলৈহে ওলোটাকৈ যায়।
৪. Or**smic Dysfunction - বহুত ক্ষেত্ৰত দেখা যায় যে ওপৰোক্ত তিনিওটা অৱস্থা ভালদৰে পাৰ হোৱাৰ পিছতো বহুতে সম্পূৰ্ণ তৃপ্তিৰ পৰা বঞ্চিত হয় বিশেষকৈ মহিলা সকল। পুৰুষৰ ক্ষেত্ৰতো কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া, মানসিক অৱস্থা বা Central Nervous System Disease ৰ কাৰণে সম্পূৰ্ণ তৃপ্তিৰ পৰা বঞ্চিত হব লগা হয়।
আয়ুৰ্বেদিক প্ৰতিকাৰ:
পুৰুষৰ যৌন সমস্যা আৰু ইয়াৰ বিতং চিকিৎসা প্ৰায়বিলাক প্ৰাচীন আয়ুৰ্বেদিক সংহিতা গ্ৰন্থত বিসদভাৱে বৰ্ণনা কৰা আছে। আয়ুৰ্বেদ শাস্ত্ৰত এই বেমাৰক আচাৰ্যভেদে নুপুংসকতা, ক্লীৱত্ব বা শুক্ৰদোষ নামেৰে পৰিচিত। চৰক সংহিতা (যি আয়ুৰ্বেদিক ঔষধি চিকিৎসাৰ মূল গ্ৰন্থ) ত এই বেমাৰৰ বিশদ চিকিৎসা বাজীকৰণ চিকিৎসা প্ৰকৰণ নামেৰে চাৰিটা খণ্ডত বহলাই উল্লেখ থকাৰ লগতে অন্যান্য আয়ুৰ্বেদিক গ্রন্থতো ইয়াৰ চিকিৎসাৰ উল্লেখ আছে।
আগতেই উল্লেখ কৰা ধৰণে যিহেতু পুৰুষৰ যৌন সমস্যা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু ব্যক্তি বিশেষে সমস্যাও বেলেগ বেলেগ গতিকে আমি অতি সৱধানতাৰে কাৰকবোৰ অনুসন্ধান কৰি চিকিৎসা আগবঢ়াও।সাধাৰণ কাৰণবোৰৰ ভিতৰত ( যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে দায়ী) Endothelial Dysfunction, Neurogenic Factors, Hormonal Pathway, Hemodynamic Factors আৰু কিছু পৰিমাণে মানসিক কাৰক।
গতিকে অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামর্শমতে উপযুক্ত চিকিৎসা পালে এই বেমাৰ সম্পূৰ্ণ নিৰাময়ৰ লগতে এক সুন্দৰ যৌন স্বাস্থ্যৰ অধিকাৰী হব পাৰি।
আয়ুৰ্বেদ শাস্ত্ৰত উল্লিখিত বনৌষধি বা বনৌষধি যোগ (চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব) যেনে - বিদাৰিকন্দ, গুদুচি, শতমূল, বান্দাৰকেকোৱা, বলা, গোখৰো কটা, অশ্বগন্ধা, মুছলিপাক, বানাৰী কল্প, ধাতুপুষ্টিক চূৰ্ণ, মনমথ ৰস, কামেশ্বৰ মোদক, কামিনিবিদ্ৰৱন ৰস ইত্যাদিৰ উপযুক্ত প্ৰয়োগেৰে এই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
(বি:দ্ৰ: বহুত দীঘলীয়া হোৱা বাবে থুলমূল আভাষ দিয়াৰ চেষ্টা কৰিছোঁ)
ডঃ মণিৰ দেৱান
প্ৰবক্তা, কায়চিকিৎসা বিভাগ
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়
গুৱাহাটী -১৪
ফোন নং 9864174788
( Writer is also a research scholar on the same topic under Srimanta Sankaradeva University of Health Science, Guwahati)