Dr Bedabrata Pathak

Dr Bedabrata Pathak CMD of GATE Hospital
Member of Zonal Railway Users' Consultative Committee (ZRUCC)
SC Marcha Vice president Bharatiya Janata Party Assam Pradesh

Byatikram “The Salute” Award 2021 for contribution to Laparoscopic surgery
News18 Healthcare Excellence Award 2021 for Surgeon of the Year
News18 Healthcare Excellence Award 2021 for Emerging Chain Healthcare Units in Assam
Assam Star Award 2021
Indian Achievers’ Award 2021 for Promising Company
News18 Healthcare Excellence Award 2021 Certificate of Appreciation for Emerging Chain Healthcare Uni

ts in Assam for reaching out to maximum towns across Assam by providing healthcare infrastructure & support in a short span of time
Times Stellar Brands & Icons Assam & Northeast Award 2020 to Gate Multispeciality Hospital
News18 Healthcare Excellence Award 2022 Certificate of Appreciation for Surgeon of the Year for performing complex surgeries. Somaj Hitoikhi Award by Sualkuchi E media Association

অসম ক্ৰিকেটৰ কিংবদন্তি বাদল ঠাকুৰ ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। সুদক্ষ অল-ৰাউণ্ডাৰ আৰু এজন প্ৰকৃত পথপ্ৰদৰ্শক হিচাপে তেখে...
21/04/2026

অসম ক্ৰিকেটৰ কিংবদন্তি বাদল ঠাকুৰ ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি। সুদক্ষ অল-ৰাউণ্ডাৰ আৰু এজন প্ৰকৃত পথপ্ৰদৰ্শক হিচাপে তেখেতৰ স্মৃতি আমাৰ মাজত সদায় সজীৱ হৈ ৰ'ব। তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জনালোঁ।"

চুতীয়া সাম্ৰাজ্যৰ মহীয়সী ৰাণী, সতী সাধনীৰ আত্মবলিদান ইতিহাসৰ এক চিৰস্মৰণীয় অধ্যায়। "সতী সাধনী দিৱস"ৰ পৱিত্ৰ উপলক্ষত ম...
21/04/2026

চুতীয়া সাম্ৰাজ্যৰ মহীয়সী ৰাণী, সতী সাধনীৰ আত্মবলিদান ইতিহাসৰ এক চিৰস্মৰণীয় অধ্যায়। "সতী সাধনী দিৱস"ৰ পৱিত্ৰ উপলক্ষত মহান বীৰাংগনাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

বীৰাংগনা সাধনীৰ ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু স্বদেশপ্ৰেম নাৰী সমাজৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।

20/04/2026

অসমৰ ভূমিত আজিও অনুৰণিত হৈ মহান লাচিত বৰফুকনৰ বীৰগাথা। তেখেতৰ অদম্য সাহস আৰু দেশপ্ৰেমে একেলগে লিখিছিল ইতিহাস। লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰা...

Amidst stillness and reflection, the legacy of Lachit Barphukan lives on 🙏

📍 Lachit Moidam Memorial & Cultural Complex, Jorhat

20/04/2026

HBS 2.0 Loading 🚩🪷

20/04/2026
নামনি অসমৰ পৰম্পৰাগত ভঠেলি উৎসৱৰ ভিতৰত সত্ৰনগৰী ৰামদিয়াৰ ভঠেলি অন্যতম বিশেষত্ব আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিদায় ...
20/04/2026

নামনি অসমৰ পৰম্পৰাগত ভঠেলি উৎসৱৰ ভিতৰত সত্ৰনগৰী ৰামদিয়াৰ ভঠেলি অন্যতম বিশেষত্ব আছে।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিদায় স্মৃতি বিজড়িত ৰামদিয়াৰ ভঠেলি ব'হাগৰ ৫_৬-৭ তাৰিখে পালন কৰা হয়। ৬ বহাগৰ দিনা ১৮ সত্ৰৰ বিগ্ৰহ ভঠেলিলৈ আহে য'ত অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তপ্ৰাণ ৰাইজে আহি সেৱা লয় , ইয়াৰ লগত সংগতি ৰাখি এখন কৃষি আৰু বাণিজ্য মেলাও অনুষ্ঠিত হয়।

সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

আজি ঘোষিত CBSE দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত আমাৰ  দুহিতা  প্ৰিয়াঞ্চী পাঠকে  ৯৭ '৪% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ খবৰে আ...
15/04/2026

আজি ঘোষিত CBSE দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত আমাৰ দুহিতা প্ৰিয়াঞ্চী পাঠকে ৯৭ '৪% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱাৰ খবৰে আমি এগৰাকী অভিভাৱক হিচাপে গৌৰৱবোধ কৰিছো।
আপোলোকেও তাইক এধানি আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতে এগৰাকী সু-নাগৰিক হৈ দেশৰ আৰু দহৰ সেৱা কৰিব পাৰে

সমূহ অসমবাসীলৈ অসমীয়াৰ বাপতি সাহোন জাতীয় জীৱনৰ অভিন্ন অংগ ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ব'হাগে সকলোৰে জীৱনলৈ সু...
15/04/2026

সমূহ অসমবাসীলৈ অসমীয়াৰ বাপতি সাহোন জাতীয় জীৱনৰ অভিন্ন অংগ ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

ব'হাগে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক

15/04/2026

বড়ো ভাই-ভনীসকলৰ ধর্মীয় চেতনাৰ মূল ভিত্তি হৈছে বাথৌ ধৰ্ম আৰু সেই ধৰ্মীয় বিশ্বাসৰ জীৱন্ত প্ৰকাশ হয় খেৰাইৰ মাধ্যমেৰে। ইয়াৰ জৰিয়তে মানুহ, প্ৰকৃতি আৰু ঐশ্বৰিক শক্তিৰ মাজত এক সামঞ্জস্য স্থাপন কৰাৰ চেষ্টা কৰা হয়। আজি খেৰাই পূজাৰ মাংগলিক ক্ষণত ইষ্ট দেৱ-দেৱীক প্ৰাৰ্থনাৰে সকলোৰে কুশল-মংগল কামনা কৰিলোঁ৷

আজি  *ভাৰতৰত্ন বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰ* জন্ম জয়ন্তী উপলক্ষে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য মুখ্য কাৰ্যালয়...
14/04/2026

আজি *ভাৰতৰত্ন বাবা চাহেব ড০ ভীমৰাও আম্বেদকাৰ* জন্ম জয়ন্তী উপলক্ষে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য মুখ্য কাৰ্যালয়ত অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত আম্বেদকাৰ দিৱস উদযাপন কৰা হয় ।

শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি মহান মনিষীলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

"লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা...মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ গৰু।"অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথমটো...
14/04/2026

"লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা...
মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ গৰু।"

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথমটো দিন, কৃষিজীৱী অসমীয়াৰ প্ৰাণৰ স্পন্দন 'গৰু বিহু'। মাহ-হালধিৰ সুবাস আৰু দীঘলতী-মাখিয়তীৰ কোবত আজি আমাৰ গো-ধনৰ মংগল কামনা কৰাৰ দিন।

এই পৱিত্ৰ ক্ষণত গৰু বিহু উপলক্ষে সমূহ হাজো শুৱালকুছি ৰাইজৰ লগতে অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গো-মাতা আৰু প্ৰকৃতিৰ আশীৰ্বাদত সকলোৰে ঘৰলৈ সুখ, শান্তি আৰু কৃষিৰ সমৃদ্ধি কঢ়িয়াই আনক।

বিহুৰ হিয়াভৰা শুভকামনাৰে... 🌺✨

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Dr Bedabrata Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Bedabrata Pathak:

Share

Category