Medical Test Dhemaji -Home services/collection

Medical Test Dhemaji -Home services/collection Advance emargency medical technician/Medical laboratory technician

পানীলগা, জ্বৰ আদিৰ নিৰাময়ৰ বিধানপানীলগা, জ্বৰ, হুৰহুৰীয়া শুকান কাঁহ, ডিঙি চেৰচেৰাই থকা, মাত ভঙা, নাক বন্ধ হোৱা, কাণ দুখন...
08/07/2022

পানীলগা, জ্বৰ আদিৰ নিৰাময়ৰ বিধান

পানীলগা, জ্বৰ, হুৰহুৰীয়া শুকান কাঁহ, ডিঙি চেৰচেৰাই থকা, মাত ভঙা, নাক বন্ধ হোৱা, কাণ দুখন ঘোপ মাৰি বন্ধ হৈ থকা- এইবিলাকৰ অনুভৱ নোহোৱাকৈ থকা লোক খুব কমহে ওলাব। অসুখ দেখাত সামান্য যদিও ই এক অতি বিৰক্তিকৰ অনুভৱ। অসুখত ভোগাজনৰ কাম আৰু সময়ৰ ক্ষতি হয় আৰু ৰোগে কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে।
কথিত আছে পানী লগাৰ দৰব নাখালে ভাল হ’বলৈ ৭ দিন সময় লাগে আৰু দৰব ব্যৱহাৰ কৰিলে এসপ্তাহতে ভাল হয়। তেনেহ’লে কিহৰ বাবে এই লেখা, চিন্তা-চৰ্চা ? আচলতে মানুহে সাৱধানে চলিলেও কেতিয়াবা নহয় কেতিয়াবা ৰোগাক্ৰান্ত হ’বলগীয়া হয়। কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ পিছত তাৰ পৰা হোৱা কষ্টসমূহ চিকিৎসাৰ দ্বাৰা লাঘৱ কৰিব পাৰে, যাৰ দ্বাৰা ব্যক্তিজনৰ কামৰ ক্ষতি কম হ’ব।
মানুহৰ শৰীৰ হ’ল বহুতো বেক্টেৰিয়া আৰু ভাইৰাছৰ আশ্ৰয়স্থলী। সিহঁতি দিনৰ পিছত দিন, মাহৰ পিছত মাহ আমাক একো অপকাৰ নকৰাকৈ আমাৰ শৰীৰত আশ্ৰয় লৈ থাকে। কিন্তু অসমীয়াত এষাৰী প্ৰবাদ আছে- হলা গছত বাগীকুঠাৰ সকলোৱে মাৰে। ঠিক তেনেদৰে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ’লে, শৰীৰ কোনো কাৰণত দুৰ্বল হ’লে সেই সুপ্ত বেক্টেৰিয়া আৰু ভাইৰাছসমূহৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হয়, ফলত সিহঁত সক্ৰিয় হৈ মানৱ শৰীৰৰ অনিষ্ট সাধিব আৰম্ভ কৰে। গতিকে আমি কিদৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰোঁ, তাৰ চৰ্চা কৰাই হ’ল এই লেখাৰ উদ্দেশ্য।
আৰু এটা জৰুৰী কথা। এনে শ্বাস-প্ৰশ্বাসজনিত ৰোগবিলাক সাধাৰণতে অতি সংক্ৰমণশীল হয়, অৰ্থাৎ সহজতে এজনৰ পৰা আন এজনলৈ ৰোগ সোঁচৰে। সাধাৰণতে ৰোগ বিয়পে প্ৰদূষিত বায়ুমণ্ডলৰ যোগেদি। ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত Droplet Infection বুলি কয়। ৰোগীয়ে কাঁহিলে, হাঁচিয়ালে, হাঁহিলে, থু-খেকাৰ পেলালে বেক্টেৰিয়া আৰু ভাইৰাছ বায়ুৰ কণিকাত বাষ্প আৰু বতাহৰ লগত মিহলি হৈ উটি-ভাহি থাকে আৰু আমি নেদেখাকৈয়ে আন নিৰোগী মানুহৰ শৰীৰত প্ৰৱেশ কৰে। গতিকে এনে ড্ৰপলেট সংক্ৰমণক বাধা দিবলৈ হ’লে- ৰোগী, পৰিয়ালৰ মানুহ আৰু সংস্পৰ্শত অহা সকলোৱে প্ৰতিৰোধক মুখা পিন্ধিব লাগে। ৰোগী বন্ধ কোঠাত নাথাকি বায়ু চলাচল কৰা মুকলি পৰিৱেশত থাকিলে ভাল, সেইয়েহে চিনেমাহল বা আন যিকোনো প্ৰেক্ষাগৃহ এনে সংক্ৰমণশীল ৰোগৰ উৎপাদনথলী হ’ব পাৰে।
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ যোগাসন আৰু ব্যায়ামৰ ভুমিকা সৰ্বদা স্বীকৃত। ইয়াৰ পিছত আহে বনৌষধি বা আন ঔষধৰ ব্যৱহাৰ। তুলসী আৰু আদাক একেলগে পিচি লৈ মৌজোলৰ সৈতে মিহলাই কৰা সংমিশ্ৰণ এনে বিভিন্ন কাঁহ-জ্বৰৰ বাবে আজিও বহুতো অসমীয়া পৰিয়ালত ঘৰুৱা চিকিৎসা হিচাপে ব্যৱহৃত হয়। তুলসীৰ নিশ্চিত ঔষধী গুণ আছে, যাৰ বাবে ই ঋষি মুনিৰ দিনৰ পৰা সন্মানিত হৈ আহিছে। তুলসী হ’ল জিনচেং পৰিয়ালৰ উদ্ভিদ। জিনচেং গছে শাৰীৰিক, স্নায়বিক দুৰ্বলতা আঁতৰাই দীৰ্ঘায়ু প্ৰদান কৰাত সহায়ক বুলি স্বীকৃতি পাইছে। ভিটামিন-চি আৰু এণ্টি-অক্সিডেণ্ট ঔষধসমূহে প্ৰদূষিত ৰক্ত পৰিশোধন কৰাৰ দৰে কাম কৰে। আজিকালি দিনকদিনে এইবিলাকৰ ব্যৱহাৰ চিকিৎসা ক্ষেত্ৰত বাঢ়ি আহিছে।
Septilin নামৰ আয়ুৰ্বেদিক টেবলেট বা চিৰাপ ২-৩ মাহ খালে এনে ৰোগসমূহৰ কষ্টৰ পৰিমাণ কম হোৱা দেখা যায়। দৰাচলতে এনে ঔষধো শৰীৰৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয়। মেন্থলৰ ভাপ দিনে ২-৩ বাৰ ল’লে বন্ধ নাক-কাণ খোলাত সহায়ক হয়। কুহুমীয়া গৰম নিমখ পানীৰে দিনে ২-৩ বাৰ কুলকুলি কৰিলে ডিঙিৰ অসুখৰ কষ্টসমূহৰ ভালেখিনি উপশম হয়।

জনহিতাৰ্থে প্ৰচাৰিত
(বিঃ দ্ৰঃ – আপুনি যদি আমাৰ স্বাস্থ্য সম্বন্ধীয় লিখনীসমূহৰ দ্বাৰা উপকৃত হৈছে তেন্তে পেজটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজলৈ আহি লাইক, কমেন্ট, শ্বেয়াৰ কৰক। আশা কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হ’ব৷ লগতে নিজৰ পৰিয়াল, বন্ধুবৰ্গলৈ লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা সুফল লাভ কৰিব পাৰে৷
আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈ কঢিয়াই নিবলৈ উৎসাহ, উদগনি যোগাব, ধন্যবাদ।)

01/07/2022
Technician ke sath sample collection helping
29/06/2022

Technician ke sath sample collection helping

24/06/2022

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Medical Test Dhemaji -Home services/collection posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram