Dibrugarh University Post Graduate Students Union 2020-21

Dibrugarh University Post Graduate Students Union 2020-21 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্ত?

31/08/2024
08/08/2023

নাহৰৰ দেশত আপোনাৰ আটাইতকৈ স্মৰণীয় দিন কোনটো আছিল?

◆ নৱাগত আদৰণি সভা
◆ ৰাতিপুৱা ফিল্ডত মাৰ্চ পাষ্ট প্ৰেক্টিছ
◆ ইলেকচন
◆ বিদায় সভা

কমেণ্টত লিখি আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব 😀

আমাৰ ভাতৃপ্ৰতিম অগ্ৰজ পলাশ খনিকৰ ককাইদেউ আজি এটি জটিল বেমাৰত আক্ৰান্ত হৈ আছে। তেখেত বৰ্তমান ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত ফাৰ্...
04/07/2023

আমাৰ ভাতৃপ্ৰতিম অগ্ৰজ পলাশ খনিকৰ ককাইদেউ আজি এটি জটিল বেমাৰত আক্ৰান্ত হৈ আছে। তেখেত বৰ্তমান ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত। তেখেতৰ দুয়োটা বৃক্ক বৰ্তমান বিকল হৈ পৰিছে, এতিয়া তেখেতে অকল Dialysis ৰ ওপৰত ভৰসা কৰি জীয়াই আছে। ডাক্তৰৰ পৰামৰ্শমতে তেখেতে দুয়োটা বৃক্ক প্ৰতিৰোপন কৰিব লাগিব আৰু তাৰ কাৰণে তেখেতৰ যথেষ্ট ধনৰ দৰকাৰ হৈছে। প্ৰয়োজনীয় ধনৰ অভাৱত তেখেতে যথোপযুক্ত চিকিৎসা সেৱাৰ বাবে অগ্ৰসৰ হ’ব পৰা নাই। তেখেতে নিজৰ কৰ্মছোৱাত সাধ্যানুসাৰে বহুজন সৰু ল’ৰা-ছোৱালীৰ মুখলৈ হাঁহি ঘূৰাই আনিছে। কিন্তু শিশুৰ মুখত হাঁহি বিৰিঙাই তোলা সেই মুখতেই আজি হাঁহিৰ অভাৱ। সেয়েহে আপোনালোকলৈ এটি সৰু অনুৰোধ, এটি সৰু আৰ্থিক সহায়েৰে তেখেতৰ জীৱনত যেন হাঁহি ঘূৰাই আনে।

যোগাযোগ - 9854386550, 8638478171
Account no. - 30015135643
IFSC code - SBIN0002051
Account holder name - PALASH KHANIKAR

নিম্নলিখিত Link 🔗 ৰ মাধ্যমেৰে ও সহায় আগবঢ়াব পাৰে -

A painful story of a Pharmacist. A Pharmacist is always with a Pharmacist. Please donate and help. My name is Hemen Kalita and I am here to raise funds for my brother PALASH KHANIKAR, professionally he is a Registered Pharmacist, B.Pharmacy, who is 41 years old. PALASH KHANIKAR lives in Dibrugarh, A...

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু...
04/02/2023

অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
যোৱা ইংৰাজী ১২/০৭/২০২১ তাৰিখে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২০-২১ বৰ্ষই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক গুৱাহাটীত সাক্ষাৎ কৰো । বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম সমস্যা আছিল ফুট ব্ৰীজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা আশ্বাস অনুসৰি কাইলৈ অৰ্থাৎ ৩০/০১/২০২৩ তাৰিখে তেখেতে উক্ত পদপথ সেতুৰ শুভ উদ্বোধন কৰাৰ পাছতেই সেই কাম সম্পূৰ্ণৰূপে সফল হৈ উঠিব ।
২০১৫ চনত এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰী পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। সৰু-সুৰা পথ দুৰ্ঘটনাত প্ৰায়ে হৈয়ে থাকে, মই নিজেও এবাৰ ভগৱানৰ কৃপাত অলপতে ৰক্ষা পৰিছিলোঁ। আচলতে তেতিয়াই প্ৰয়োজন হৈছিল ফুটব্ৰিজ এখনৰ ।
বিশ্ববিদ্যালয় খনৰ চৌহদক দুভাগ (East & West) কৰি মাজেদি পাৰ হৈ গৈছে ব্যস্ত NH-37। বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়েই পথটোৰ পূব চৌহদত ব্যস্ত থাকিব লগীয়া হয় । তাৰোপৰি পথৰ ইটো দাঁতিত বহুতো ব্যক্তিগত হোষ্টেলৰ লগতে বিশ্ববিদ্যালয়ৰ হোষ্টেল এখনো আছে, য'ত ৩৫০ গৰাকীকৈ ছাত্ৰীয়ে বাস কৰে । শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰ আছে, বিশ্ববিদ্যালয় বজাৰ আছে, স্কুল এখন আছে। ভৱিষ্যতে পশ্চিম চৌহদত আৰু হোষ্টেল তথা বিভাগ/কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। আশা কৰোঁ এই ফুটব্ৰিজ খন সকলোৰে সহায়ক হ'ব। সকলোৱে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব।

Himanta Biswa Sarma

30/01/2023
10/02/2022

সপোনৰ পম খেদি জিলিকি উঠা নৱাগতনাহৰৰ দেশত নামিছে আশাৰ অজস্র প্ৰহৰৰ নক্ষত্ৰ । অনুভৱ বুটলা সময় এয়া নাহৰৰ দেশ পোহৰেৰে আলোকিত...
31/12/2021

সপোনৰ পম খেদি জিলিকি উঠা নৱাগত
নাহৰৰ দেশত নামিছে আশাৰ অজস্র প্ৰহৰৰ নক্ষত্ৰ ।
অনুভৱ বুটলা সময় এয়া
নাহৰৰ দেশ পোহৰেৰে আলোকিত ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২০-২১ ৰ দ্বাৰা প্ৰকাশিত বহুভাষিক ই-আলোচনী নাহৰৰ পূৰ্বৰ সংখ্যাৰ সমাদৰৰ পাছত আহি আছে নাহৰ ই-আলোচনীৰ নৱাগত আৰু ভাৰ্চিটি বিশেষ তৃতীয় সংখ্যা । নৱাগত সকলৰ মনৰ ভাৱ আৰু ভাৰ্চিটিৰ অনুভৱেৰে সমৃদ্ধ সংখ্যাটোৰ বাবে আৰু কিছু অপেক্ষা

অহা ৪ জানুৱাৰী, ২০২২ তাৰিখে নাহৰ ই-আলোচনীৰ তৃতীয় সংখ্যাটি প্ৰকাশ পাব । নাহৰবাসীৰ সহায় সহযোগ কামনা কৰিলোঁ ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ ছাত্ৰ সমাজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাৰ পাণ্ডুলিপি জম...
10/12/2021

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ ছাত্ৰ সমাজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাৰ পাণ্ডুলিপি জমা দিয়াৰ তাৰিখ ১৫/১২/২০২১ লৈ বৃদ্ধি কৰা হৈছে। শ্ৰেষ্ঠ সাহিত্যিক প্ৰতিযোগিতাৰ বাবে লেখা জমা দিয়াৰ তাৰিখো ১৫ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

আলোচনী সম্পাদক
DUPGSU 2020-21

06/12/2021

MC Mary Kom

ইয়াৰ দ্বাৰা নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ নাহৰবাসীক জনাব বিচাৰোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত...
11/11/2021

ইয়াৰ দ্বাৰা নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ নাহৰবাসীক জনাব বিচাৰোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা ২০২০-২১ ৰ আলোচনী সম্পাদকৰ দ্বাৰা প্ৰকাশিত বহুভাষিক ই-আলোচনী "নাহৰ"ৰ পাঠক সমাজৰ পৰা লাভ কৰা সমাদৰৰ পাছত নাহৰৰ প্ৰথম বৰ্ষৰ নৱেম্বৰ মাহৰ তৃতীয় সংখ্যাটি প্ৰকাশৰ যো-জা কৰা হৈছে । পৰীক্ষাজনীত কাৰণ বশত যোৱা সংখ্যা আমি প্ৰকাশ কৰিব নোৱাৰিলো, তাৰবাবে ক্ষমাপ্ৰাৰ্থী। আমাৰ আশা আপোনালোকে নাহৰক আদৰি ল'ব।

■ সকলো নৱাগত ছাত্ৰ-ছাত্ৰী তথা নাহৰবাসীক লেখাসমূহ দিবলৈ আন্তৰিকতাৰে অনুৰোধ জনোৱা হ'ল

■ লেখাসমূহ জমা দিয়াৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ, ২০২১

ইচ্ছুকসকলে তলত দিয়া Email-id ত লেখাসমূহ পঠাব পাৰিব ।

nahordu2021@gmail.com

সপোন বড়া
আলোচনী সম্পাদক
ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা

#নাহৰ

আপোনালোকৰ সহযোগিতা একান্তই কাম্য 🙏🏻
03/11/2021

আপোনালোকৰ সহযোগিতা একান্তই কাম্য 🙏🏻

Address

Dibrugarh
786004

Alerts

Be the first to know and let us send you an email when Dibrugarh University Post Graduate Students Union 2020-21 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dibrugarh University Post Graduate Students Union 2020-21:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram