12/10/2025
উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (SNID) – অক্টোবৰ, ২০২৫
জিলা স্বাস্থ্য সমিতি, ডিব্ৰুগড়
তাৰিখ: ১২ অক্টোবৰ, ২০২৫
স্থান: ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়
আজি ইং ১২ অক্টোবৰ, ২০২৫ তাৰিখে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (SNID) – অক্টোবৰ ৰাউণ্ড, ২০২৫ ৰ জিলা উদ্বোধনী অনুষ্ঠান ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানটো উদ্বোধন কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ মাননীয় ডা: সৈকত পাত্ৰ দেৱে।
অনুষ্ঠানত উপস্থিত থাকে ডা. তৃষ্ণা বৰা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডিব্ৰুগড়, ডা: বিশ্বজিৎ বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(FW), ডিব্ৰুগড়; ডা: ৰাণী চুতীয়া হুছেইন, জিলা প্ৰতিষেধক বিষয়া (i/c); ডা: উৎপলা বৰুৱা, চিকিৎসা অধিকাৰী (i/c), ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়; ডা: শিৱানী দত্ত, WCD, ডিব্ৰুগড় নগৰীয়া; লগতে DEMO, Dy DEMO, জিলা প্ৰতিষেধক বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকল, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰীসকল, উপকৃত শিশুৰ অভিভাৱকসকল আৰু স্থানীয় ৰাইজ।
উদ্বোধনী ভাষণত মাননীয় মেয়ৰ ডাঙৰীয়াই পলিঅ’ মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনায়। তেওঁ সকলো পিতৃ-মাতৃ আৰু অভিভাৱকক আহ্বান জনায় যাতে ০-৫ বছৰ বয়সৰ সকলো শিশুক আজিৰ দিনটোত দুটুপাল পলিঅ’ ভেকচিন (OPV)- প্ৰদান কৰে।
এই অনুষ্ঠানত ডা. তৃষ্ণা বৰাই উল্লেখ কৰে যে, ডিব্ৰুগড় জিলা পলিঅ’ মুক্ত স্থিতি অক্ষুণ্ণ ৰাখিবলৈ জিলা স্বাস্থ্য সমিতিয়ে নিৰবচ্ছিন্নভাৱে কাৰ্য কৰি আছে। তদুপৰি, সকলো স্বাস্থ্য কৰ্মী, আঙনৱাড়ী কৰ্মী, আশা কৰ্মী আৰু সমাজৰ সকলোৱে একত্ৰিত হৈ কাম কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে।
এই বিশেষ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (SNID) কাৰ্যসূচীৰ অধীনত ৫ বছৰৰ তলৰ সকলো শিশুক দুটুপাল পলিঅ’ দিয়া হ’ব যাতে শিশুসকল পলিঅ’মাইলাইটিছ নামৰ পক্ষাঘাতজনক ৰোগৰ পৰা সুৰক্ষিত থাকে।
এই উদ্দেশ্যেৰে ডিব্ৰুগড় জিলাত স্থায়ী আৰু ম’বাইল পলিঅ’ বুথ স্থাপন কৰা হৈছে য’ত মুঠ ৯৫৬ টা পলিঅ' বুথত ৩৮১৬ জন স্বাস্থ্যকৰ্মীয়ে মুঠ ১৯২৭১২ জন হিতাধিকাৰীক টিকাকৰণ কৰিব আৰু সকলো শিশুক টিকাকৰণৰ আওঁতাত আনিবলৈ ব্যাপক জনসচেতনতামূলক কাৰ্যসূচী চলাই আছে।
জিলা স্বাস্থ্য সমিতি, ডিব্ৰুগড়ে সকলো পিতৃ-মাতৃ আৰু অভিভাৱকক আবেদন জনাইছে —
“আহক আপোনাৰ শিশুক দুটোপাল পলিঅ' দিয়ক আৰু জীৱন সুৰক্ষিত কৰক ।”
#পলিঅমুক্তভাৰত #সকলোশিশুৰসুৰক্ষা #ডিব্ৰুগড়স্বাস্থ্য #পলিঅপ্ৰতিষেধক #সুস্থশিশু_সুস্থভাৰত
National Health Mission,Assam
Department of Health and Family Welfare,Govt.of Assam.
Director of Health Service Family welfare, Assam
District Administration Dibrugarh
District Health Society NHM Dibrugarh
Dibrugarh State Dispensary
Doordarshan National (DD1)
Dibrugarh 24x7
Radio Brahmaputra 90.4 FM