26/11/2025
অভিজ্ঞতা
এদিন এগৰাকী 63 বছৰীয়া মহিলাক তেওঁৰ পুত্ৰই মোক দেখুৱাবলৈ লৈ আহিছিল। তেওঁৰ যোৱা 15 দিনৰ পৰা অলপ সমস্যা হৈ আছে। বৰ গুৰুতৰ যেন লগা লক্ষণ নহয়। তেওঁৰ প্ৰথম সমস্যা আৰম্ভ হ’ল পেট চলা। লগতে সামান্য মূৰৰ বিষ। অৱশ্য 5 দিন মানতেই বিনা চিকিৎসাত আৰাম পালে। তাৰ পাছত লাহে লাহে তেওঁ কেতিয়াবা এটা দুটা বস্তুৰ নাম কব নোৱাৰা হ’ল। ধৰক ঘড়ীটোৰ নামেই কব নোৱাৰা হ’ল, কিন্তু তেওঁ ইয়াৰ কাম কি তাক ভালকৈ বুজি পায়। কেতিয়াবা নিজৰ বোৱাৰীৰ নামটো পাহৰি থাকে, কিন্তু তেওঁ যে তেওঁৰ বোৱাৰী তাক ভালকৈয়ে জানে। মোৰ অনুমান হ’ল তেওঁৰ চাগে “মগজুৰ ষ্ট্ৰোক” হৈছে। সেয়েহে এখন MRI brain কৰিব দিলো। ৰিপৰ্ট অহাৰ পাছত দেখিলো মানুহ গৰাকীৰ মগজুত শৰীৰৰ অন্য স্থানত হোৱা “কৰ্কট ৰোগৰ বিক্ষেপন” আৰম্ভ হৈছে যাক চিকিৎসা শাস্ত্ৰত “Metastasis” বোলা হয়। ই কৰ্কট ৰোগৰ advance stage। ইয়াৰ অৰ্থ হৈছে যদিও কৰ্কট ৰোগ বিধ দেহৰ এক নিৰ্দিষ্ট অংগত হৈছে , কিন্তু ই বিয়পি গৈ শৰীৰৰ অন্য অংগত আক্ৰমণ কৰিছেগৈ।
মানুহ গৰাকীৰ ক্ষেত্ৰত শৰীৰত তলে তলে কৰ্কট ৰোগে ইমান আক্ৰমণ কৰি আছে যদিও মানুহ গৰাকীয়ে একো গমেই নাপালে। আৰু লক্ষণো দেখা দিছে মানসিক ৰোগৰ লক্ষণ হিচাপে। আচৰিত লাগে নহয়নে? অৱশ্যে এটা কথা যোগ দিব থাকি গল, খুটি নাতি লোৱাত গম পালো, তেখেতৰ ভনীয়েকৰো শেহতীয়াকৈ খাদ্যনলীৰ কৰ্কট ৰোগ ধৰা পৰিছে, আৰু চিকিৎসা আৰম্ভ হৈ গৈছে।
যি কি নহওঁক মই ততাতৈয়াকৈ তেওঁক cancer institute লৈ বুলি refer কৰিলো।