Maa Homoeopathic and Physiotheraph rehabilitation centre

Maa Homoeopathic and Physiotheraph rehabilitation centre সকলো প্ৰকাৰৰ বিষ নিৰাময়ৰ এক নিৰ্ভৰ যো?

10/09/2022

হাৰ্ট এটেক আহাৰ আগতে প্ৰকাশ পোৱা ৮ টা মুখ্য লক্ষণ,অনিদ্ৰা বা নিদ্ৰাহীনতাও হাৰ্ট এটেকৰ এটা লক্ষণ ৰুপে গণ্যকৰা হৈছ.....

https://m.facebook.com/story.php?story_fbid=572029603526202&id=229796601082839
19/02/2020

https://m.facebook.com/story.php?story_fbid=572029603526202&id=229796601082839

আপোনি বাৰু আপোনাৰ শিশুটিক চেনি, মৌ লগতে নিমখীয়া খাদ্য খুৱাই নেকি? যদি মৌ বা চেনিযুক্ত খাদ্য বা নিমখযুক্ত খাদ্য খুৱ...

27/01/2020

হাইপ্ৰেচাৰত এই ৮ বিধ খাদ্যই বিপদ ঘটাব পাৰে!

22/01/2020

চেনিয়ে বিপদ ঘটাব

https://www.facebook.com/229796601082839/posts/507468599982303/
22/11/2019

https://www.facebook.com/229796601082839/posts/507468599982303/

চেনি খোৱাৰ বাবেই আজি হাৰ্টএটেক,কলেষ্ট্ৰৰেল,পেৰালাইছিছ,ব্ৰেইনহেমৰইজ,হাইব্লাডপ্ৰেচাৰ,ডায়েবেটিছ,লিভাৰৰ সমস্যা,য...

https://www.youtube.com/watch?v=dlq42TQt52M
02/12/2018

https://www.youtube.com/watch?v=dlq42TQt52M

#গ্ৰেষ্ট্ৰিকবাএচিডিটিৰ হোমিঅ চিকিৎসা কেতিয়াবা বুকুত জ্বলা পোৰা, টোঙা উগাৰ, বমি বমি ভাৱ, পেটত ভূট ভূট শব্দ কৰা, বম.....

লিভাৰ চিৰচিচচিৰোচিচ বা লিভাৰ চিৰচিচ নামৰ ৰোগৰ কথা আমি বহুতেই জানো। কিন্তু জন্ডিচ বুলি কলে আমি যিমান বিচলিত হওঁ, লিভাৰ চি...
01/06/2018

লিভাৰ চিৰচিচ
চিৰোচিচ বা লিভাৰ চিৰচিচ নামৰ ৰোগৰ কথা আমি বহুতেই জানো। কিন্তু জন্ডিচ বুলি কলে আমি যিমান বিচলিত হওঁ, লিভাৰ চিৰচিচৰ কথাটোত আমি ঠিক সিমান নহওঁ। অথচ বিশ্বব্যাপী পঞ্চাশ মিলিয়ন লোক এই ৰোগত আক্রান্ত। এই ৰোগত লিভাৰ তথা যকৃতৰ শেষ পর্যায়ত দীর্ঘস্থায়ী প্রদাহৰ কাৰণে ইয়াৰ স্বাভাবিক কাঠামো স্থায়ীভাবে বিনষ্ট হয়। ফলত ইয়াৰ কার্যক্ষমতা লাহে লাহে কমি গৈ থাকে। এটা পর্যায়ত লিভাৰ দুর্বলতা জনিত জটিলতাত ৰোগী মৃত্যু মুখত পৰে। লিভাৰৰ নিস্ক্রিয়তা, লিভাৰ ক্যান্সাৰ আৰু লিভাৰ জনিত মৃত্যুৰ অন্যতম কাৰণ হল এই চিৰচিচ।
চিৰচিচ শব্দটোৰ প্রথম ব্যাখ্যা আগবঢ়াই বিখ্যাত ফৰাচী বিজ্ঞানী ডাঃ ৰিনে লেনেকে (Rene Laennec) ১৮১৯ খ্রীষ্টাব্দত । শব্দটি আহিছে গ্রীক শব্দ কিৰাচৰ (Kirrhos) পৰা। যাৰ অর্থ হালধীৰ দৰে হালধীয়া ৰঙ, যিটো লিভাৰৰ দীর্ঘস্থায়ী প্রদাহৰ বাবে ৰোগীৰ শৰীৰত দেখা যায়।

আমি জানু যে যকৃত বা লিভাৰ হল মানুহৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ অঙ্গ। পিত্ত নিঃসৰণৰ দ্বাৰা খাদ্য হজম হোৱাৰ পৰা আৰম্ভ কৰি শৰীৰৰ যাৱতীয় বিপাকীয় কার্যাৱলী লিভাৰৰ দ্বাৰা সম্পাদিত হয়। গতিকে লিভাৰৰ অসুস্থতাৰ ফলাফল ব্যাপক ও ভয়াবহ হয় । বিভিন্ন কাৰণত লিভাৰ চিৰচিচ হব পাৰে। কাৰণ যিয়েই হওঁক নূন্যতম ছয় মাহধৰি প্রদাহ নহলে লিভাৰৰ স্বাভাবিক গঠন পৰিৱর্তন নহয়। লিভাৰ চিৰচিচ হবলৈ কমপক্ষেও ৪-১০ বছৰ সময় লাগে। ভাৰতত চিৰচিচৰ প্রধান কাৰণ শৰীৰত হেপাটাইটিচ ‘বি’ ভাইৰাচৰ সংক্রমণ।

ইয়াৰ ওপৰিও অন্যান্য কাৰণ সমূহ হল :-
o হেপাটাইটিচ ‘চি’ ভাইৰাচ সংক্রমণ।
o লিভাৰত অতিৰিক্ত চর্বি।
o অতিৰিক্ত মদ্যপান।
o ইমিউনলজিক্যেল ৰোগ: অটোইমিউন লিভাৰ ডিজিজ।
o প্রাইমাৰী বিলিয়াৰী চিৰচিচ।
o জেনেটিক বা বংশানুক্রমিক ৰোগ, যেনে: হেমোক্রমাটোচিচ, উইলচন্স ডিজিজ।
o কিছুমান অজ্ঞাত কাৰণটো লিভাৰ চিৰচিচ হব পাৰে।
ৰোগী যদি নূন্যতম ছয় মাহ বা তাতকৈ বেচিদিন এই কাৰক সমূহত আক্রান্ত হৈ থাকে তেনে হলে লিভাৰত দীর্ঘ ম্যায়াদী প্রদাহৰ সৃষ্টি হৈ চিৰচিচলৈ ৰুপান্তৰিত হয়। এই ৰোগৰ আৰম্ভনিতে কোন ধৰণৰ উপসর্গ নাথাকে বুলিয়েই কব পাৰি। কিন্তু লাহে লাহে ৰোগী শাৰীৰিক দুর্বলতা, ভোক নলগা, পেট ফোঁলা, হজমৰ বিসংগতি এনে বোৰ নানা ধৰণৰ সমস্যা বাবে চিকিৎসকৰ কাষ চাপে। আটাইতকৈ ভয়াৱহ কথাটো হল বেমাৰটো অতি বৃদ্ধি নোহোৱা পৰ্যন্ত আক্ৰান্ত ৰোগী কোনো শাৰীৰিক সমস্যা বা ৰোগৰ কোন লক্ষণ দেখা নাযায়।

লিভাৰ চিৰচিচক মূলত দুই ভাগত ভাগ কৰা হয়। প্রথম- Compensated Cirrhosis. এই ৰোগীৰ চিৰচিচ অৱস্থাত স্বাভাবিক মানুহৰ দৰেই সাধাৰণ সমস্যা অথবা তেজবমি বা পায়খানা কোলা হোৱাৰ সমস্যাৰ বাবে চিকিৎসকৰ উচৰলৈ আহে । নিয়মিত শাৰীৰিক স্বাস্থ্য পৰীক্ষাত ইয়াৰ অধিকাংশৰেই চিৰচিচ ধৰা পৰে।

দ্ব্বিতীয়ত- Decompensated Cirrhosis. কোনো কোনো ৰোগী শৰীৰত পানী জমা অবস্থাত, জন্ডিচৰ বাবে বা অজ্ঞাত কাৰণত চিকিতৎসকৰ শৰণাপন্ন হয়।
চিৰচিচ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লক্ষণীয় দিশ সমূহঃ-

o ৰোগ নির্ণয় (Diagnosis)
o ৰোগৰ কাৰণ নির্ণয় (Aetiology)
o ৰোগৰ বাবে সৃষ্ট জটিলতা নির্ণয় (Complication)
o ৰোগীৰ বর্তমান অবস্থা (Present Status)|
এই চাৰিটা বিষয়ৰ বাবে ৰোগীক বিভিন্ন পৰাক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন। মূল চিকিৎসা এই দিশ সমূহৰ প্ৰতি লক্ষ্যৰাসি কৰা হয়।
লিভাৰ চিৰচিচৰ পৰৱৰ্তী জটিলতা কিছু লক্ষণ এনে ধৰণৰ- ডিঙীৰ ৰক্তনলী টান হৈ যোৱা আৰু ৰক্তক্ষৰণ, বাৰে বাৰে অজ্ঞান হৈ পৰা, পেট ও শৰীৰত পানী জমা, জন্ডিচ, কিডনিৰ বিকলতা, প্রস্রাবৰ সমস্যা ইত্যাদি।

ৰোগ প্রতিৰোধৰ বাবে অগ্রসৰ হোৱাৰ পূর্বে ৰোগ নির্ণয়েই হল এই ৰোগৰ পৰা বচাৰ একমাত্ৰ উপায়। যেহেতু হেপাটাইটিচ ‘বি’ ভাইৰাচ সংক্রমণেই এই ৰোগৰ প্রধান কাৰণ, সেহে হেপাটাইটিচ ‘বি’ ৰ সংক্রমনণ প্রতিৰোধ কৰা জৰুৰী। তাৰ বাবে হেপাটাইটিচ ‘বি’ ৰ চিতা লব লাগে, নিৰাপদ ৰক্ত গ্ৰহণ, ডিচপজেবল বেজি ব্যবহাৰ আৰু ব্লেড, ৰোজৰ, ব্রাচ, ক্ষুৰ আদি যেন বহুতে ব্যবহাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে। ‘বি’ ভাইৰাচত আক্রান্ত মাহিলা গর্ভবতী হলে সন্তান জন্মদিয়াৰ লগে লগে দুই ধৰণৰ চিতা দিয়া বাঞ্চনীয়। ইয়াৰ উপৰি পৰিয়ালৰ কোনো এজন ব্যক্তি চিৰচিচত আক্ৰান্ত হলে বাকী সদস্যসকলেও সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰযোজন অনুসৰি লিভাৰ ৰোগৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

উন্নয়নৰ লগে লগে দেশত যিমান নগৰ চহৰ গঢ়ি উঠিছে সিমানেই বৃদ্ধি পাব ধৰিছে উশৃংসল জীৱন যাপন আৰু মদ্যপানৰ সমস্যা, প্রক্রিয়াজাত খাদ্য গ্রহণ আৰু ফাস্ট ফুড কালচাৰৰ ফলত সৃষ্টি হৈছে অতিৰিক্ত মেদ। যাৰ বাবে লিভাৰত চর্বি জমাহোৱাৰ লগতে চিৰচিচৰ সম্ভাৱনাও বাঢ়িছে। গতিকে সৃংশলীত জীবন ও খাদ্যাভ্যাস, নৈতিকতা বিৰোধী কাম কাজ পৰিহাৰ, পৰিশ্রম ও ব্যায়াম আৰু ডায়বেটিচ নিয়ন্ত্রনৰ দ্বাৰা এই ৰোগৰ পৰা মুক্ত থাকা সম্ভব। আৰু যি এই ৰোগত আক্রান্ত সি নিয়মিত লিভাৰ ৰোগ বিশেষজ্ঞেৰ পৰামর্শ গ্ৰহন, পৰীক্ষা নিৰীক্ষা ও আজীবন চিকিৎসা গ্রহণৰ দ্বাৰা ইয়াৰ পৰা সৃষ্ট জটিলতা সমূহৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে।

মনত ৰাখিব সুশৃঙ্খল জীবন যাপন আৰু নিয়মিত খাদ্যাভাসেহে আপোনাক সুস্থ সৱল আৰু দীৰ্ঘ জীৱী কৰি ৰাখিব। এই লিভাৰ চিৰচিচত আক্রন্ত হলে হোমিওপ্যাথিক চিকিৎসা গ্ৰহণ কৰিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ লিভাৰ চিৰচিচ লিভাৰৰ যাবতীয় জটিল সমস্যাত হোমিঅপ্যাথিক চিকিৎসা বিজ্ঞানৰ ইতিহাসত অসাধাৰণ সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মাত্ৰ আপোনি এজন অভিজ্ঞ হোমিঅপ্যাথিক চিকিৎসকৰ তত্ত্বাবধানত থাকি চিকিৎসা গ্ৰহন কৰক। পার্শ্ব প্রতিক্রিয়াহীন ও সফল হোমিওপ্যাথি চিকিৎসা গ্রহন কৰি সুস্ব্যাস্থৰ অধিকাৰী হওক।

 #দেশত  #নিপা  #ভাইৰাচৰ  #আতংকঃ-কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ ...
01/06/2018

#দেশত #নিপা #ভাইৰাচৰ #আতংকঃ-

কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। ইয়াৰ পাছত আমি জিকা ভাইৰাচৰ নাম শুনিছিলো আৰু এই ভাইৰাচৰ দ্বাৰা গৰ্ভৱতী মহিলা আৰু মহিলাৰ গৰ্ভত থকা সন্তান চিকাৰ হৈছিল। বৰ্তমান ভাৰতত এনে আৰু এবিধ ভাইৰাচৰ আতংকই নিদ্ৰা হৰণ কৰিছে। যাক নিপা বা NIV সংক্ৰমন বুলি অভিহিত কৰা হৈছে। এই বেমাৰ নতুন নহয়। বৰ্তমান এই বেমাৰে সংক্ৰামক ৰূপ লৈ দূৰ দূৰনীলৈ বিয়পি পৰা খবৰ আহিছে। এই বেমাৰৰ সংক্ৰমনৰ তীব্ৰতাৰ বিপৰীতে এতিয়াও ইয়াৰ উপযুক্ত চিকিৎসা পদ্ধতি চিকিৎসা বিজ্ঞানী সকলে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই। কেৱল নিস্ক্ৰিয় হে কৰিব পৰা যায়। কিন্তু এই পদ্ধতিটোৰ বাবেও যথেষ্ঠ সময়ৰ প্ৰয়োজন হয় আৰু প্ৰক্ৰিয়াটো যথেস্থ খৰচীও হয়। ভাৰতৰ নিচিনা দেশত এনে বেমাৰ ৰোধ কৰাটো প্ৰায় অসম্ভৱ।

#কেনেকৈ এই সংক্ৰমন হয় আৰু কত হয়, #এই সংক্ৰমন কেনেকৈ ৰোধ কৰিব পৰা হয়, আৰু ইয়াৰ ইতিহাস কি????

বিষয়ে- কেৰেলাত নিপা ভাইৰাচৰ সংক্ৰমন ঘটি বহু লোক ইতিমধ্যে মৃত্যু হৈছে। আৰু বহু লোকৰ দেহলৈ এই ভাইৰাচ প্ৰবেশ কৰিছে। কেৰেলাৰ ঘটনাৰ পিছতেই সমগ্ৰ দেশতেই এক আতংকময় পৰিবেশৰ সৃস্থি হৈছে। আৰু কোৱা হৈছে যে এই ভাইৰাছৰ কোনো ধৰণৰ এন্টিবায়টিক নাই। এই সংক্ৰমন পশু-পক্ষীৰ জৰিয়তে দ্ৰুতগতিত বিয়পে আৰু ই প্ৰাণ ঘাটি হয়। এই ভাইৰাছ সাধাৰণতে ফলখোৱা বাদুলীৰ পৰা বিয়পে। পশু-পক্ষীৰ সংস্পৰ্ষলৈ অহিলে এই ভাইৰাচ মানুহৰ দেহলৈ অহা সম্ভাৱনা থাকে। গাহৰীৰ পৰাও এই ভাইৰাচ সংক্ৰমন হব পাৰে। মানুহৰ দেহলৈ এই ভাইৰাচৰ সংক্ৰমন ঘটিলে প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ, বমি আৰু অদ্ভুত ধৰণৰ আচৰণ কৰা, সংজ্ঞাহীন হৈপৰা আদি লক্ষণ প্ৰকাশ পায়। বিশ্ব স্বাস্থ্য সন্থাই কৈছে যে, এই ভাইৰাচৰ সংক্ৰমন ঘটা ৭০ শতাংশ মানুহৰে মৃত্যু হয়। বৰ্তমান সময় পৰিৱৰ্তনৰ লগে লগে এনেকুৱা কিছুমান বেমাৰৰ উদ্ভৱ হৈছে অধুনিক চিকিৎসা বিজ্ঞানৰ সন্মুখত এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পা নিপা ভাইৰাচো এনে ধৰণৰ এক ভাইৰাচ।

#এতিয়া জানো আহক নিপা ভাইৰাচ কি, #এই ভাইৰাচ প্ৰথম কত কেনেকৈ আবিস্কাৰ হৈছিল??
নিপা ভাইৰাচ এক নতুনকৈ আবিস্কাৰ হোৱা ভাইৰাচ আৰু ই মহামাৰী হৈ বিয়পি পৰিছে। নিপাত আক্ৰান্ত জন্তু আৰু মানুহৰ দেহত ভয়ংকৰ সংক্ৰমনৰ সৃস্টি হয়। এই ভাইৰাচৰ কাৰণে মানুহৰ এনচেফেলাইটিছ হয়। গতিকে ইয়াক নিপা এনছেফেলাইটিছ বুলি কোৱা হয়। নিপা ভাইৰাচৰ ইনফেকচন বাদুলীৰ জৰীয়তে বিয়পে। খেজুৰৰ খেতি কৰা মানুহৰ গাত এই ভাইৰাচ প্ৰবেশ কৰাৰ আশংকা অতি বেছি হয়। নিপা ভাইৰাচৰ সংক্ৰমন আচলতে মে আৰু ডিছেম্বৰ মাহত হয়। পোন প্ৰথম্ এই ভাইৰাচ ১৯৯৮ চনত মালেচিয়াৰ কমপুং চোংগই নিপাত আবিস্কাৰ হয়। পিছত এই ঠাইৰ নামেৰে এই ভাইৰাচৰ নাম ৰখা হয়। সেই সময়ত এই ভাইৰাচৰ বাহক গাহৰী আছিল। ২০০১ চনত এই ভাইৰাচৰ সংক্ৰমন বাংলাদেশত পোৱা গৈছিল। ভাৰতত প্ৰথম বাৰ ২০০১ত পশ্ছিমবংগৰ চিলিগুৰি জিলাত পেৱা গৈছিল। ২০০৭ চনত দ্বিতীয় বাৰৰ বাবে পশ্চিমবংগৰেই নদীয়া জিলাত দেখিবলৈ পোৱা গৈছিল। যেতিয়া এই ভাইৰাচৰ আক্ৰমনত ভাৰতত ৫০ জন ব্যক্তিৰ মৃত্যু হৈছিল তেতিয়াহে এই ভাইৰাচৰ বিষয়ে চৰ্চিত হৈছিল। উল্লেখ যোগ্য এই যে্ এই দুই খন জিলাই বাংলাদেশৰ সীমামূৰীয়া হয়। WHO ৰ ভাষ্যঅনুসৰি যদি এই ভাইৰাচৰ সময় থাকোতেই প্ৰতিকাৰ উদ্ভৱ কৰিব নোৱাৰে ই মহামাৰী ৰূপলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ভাৰতত প্ৰথম এই ভাইৰাচ পশ্চিমবংগতেই সীমিত আছিল। ইয়াৰ কাৰণ বাংলাদেশৰ সীমীমূৰীয়া হোৱাৰ বাবে। ই আৰু বহু বছৰ তাতেই আবদ্ধ হৈ আছিল কিন্তু বৰ্তমান কেৰেলাত হোৱা সংক্ৰমণৰ খবৰৰ পাছতেই সমগ্ৰ ভাৰত বৰ্ষৰ বাবেই ই ভাবুকি স্বৰূপ হৈ পৰিছে।
#ইয়াৰ পৰা বছাৰ একমাত্ৰ ওপায় ইয়াৰ সংক্ৰমনৰ পাৰ বাছি থকাই। কিন্তু তাৰ বাবে এই ভাইৰাচ কেনেকৈ বিয়পে এই বিষয়ে জনা দৰকাৰ। সাধাৰণতে এই ভাইৰাচ জোনচিছ হয় অৰ্থাৎ ই জন্তুৰ পৰা মানুহলৈ বিয়পে। WHO মতে এই ভাইৰাচ প্ৰাকৃতিক ভাৱে তেৰপডিদাই ফেমেলিৰ তেৰপইজিনাচ নামৰ এক বিশেষ প্ৰকাৰৰ বাদূলিৰ গাত পোৱা যায়। এই বাদূলি সাধাৰণতে ফল খাই জীয়াই থাকে। ২০০১ বাংলা দেশত আৰু ২০০৪ বৰ্ষত ভাৰতত যেতিয়া মানুহৰ গাত ইয়াৰ সংক্ৰমন ধৰা পৰে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰি পোৱা যায় যে খেজুৰৰ জৰিয়তে এই ভাইৰাচ মানুহৰ দেহলৈ প্ৰবেশ ঘটে। অৰ্থাৎ জন্তুৰ পৰা ফলত আৰু ফলৰ জৰিয়তে মানুহলৈ সংক্ৰামিত হয়। কেৱল বাদুলিৰ পৰাই যে এই ভাইৰাচৰ সংক্ৰমন ঘতে তেনে নহয়, গাহৰী, কুকুৰ, ঘোঁৰা, মেকৰা আদি জন্তুও এই ভাইৰাচৰ সংবাহক হব পাৰে। WHO এক অধ্যয়নত পোৱা গৈছে যে গাহৰীৰ পৰাই এই ভাইৰাচ বেছিকৈ সংক্ৰমন ঘটে। গাহৰীৰ হাঁচিৰ পৰা এই ভাইৰাচ মানুহৰ গালৈ দ্ৰুত ভাবে প্ৰবেশ কৰে। ১৯৯৮-৯৯ত মালেচিয়াত হোৱা সংক্ৰমনত ৯০ জন পিড়ীতৰ কোনোবা নহয় কোনোবা জন গাহৰী পালক অথবা গাহৰীৰ সংস্পৰ্ষলৈ অহা মানুহ। এই ভাইৰাচ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈও সহজে সংক্ৰমন ঘটিব পাৰে। বিশ্ব স্বাস্থ সন্থাৰ মতে ২০০১ত চিলিগুৰিত হোৱা সংক্ৰমনত পীড়ীতৰ সংস্পৰ্ষলৈ যোৱা ৩৩ স্বাস্থ্যকৰ্মী এই ভইৰাচি অক্ৰমনৰ চিকাৰ হৈছিল। ২০০৪ ত বাংলাদেশত হোৱা সংক্ৰমনটো এই ভাইৰাচ এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পাৰ তথ্য পোৱা গৈছিল। এই ভাইৰাচৰ ঔষধ যিহেতু আবিস্কাৰেই হোৱা নাই। গতিকে কিছুমান সাবধানতা অৱলম্বন কৰি ইয়াৰ পৰা বাছি থাকিব পৰা হয়। আহক আমি জানু এই ভাইৰাচৰ লক্ষণ কি আৰু ইয়াৰ সংক্ৰমনৰ পৰা কেনেকৈ বাছিব।
এই ভাইৰাচ প্ৰাণ ঘাটি হয়। এই ভাইৰাচত আক্ৰান্ত হোৱাৰ লগে লগে ই সৰ্দি-জ্বৰ হব,উশাহ-নিশাহত কষ্ট হ’ব, মগজুত পোৰনি অনুভৱ হয়। ইয়াৰ প্ৰাথমিক লক্ষণ মস্তিস্ক ফুলি উঠা, তীব্ৰ জ্বৰ, মূৰৰ বিষ আৰু নিদ্ৰা হীনতাও ইয়াৰ লক্ষণ। ইয়াৰ বাহিৰেও এই ভাইৰাচত প্ৰভাৱিত লোক বিচলিত হোৱা আৰু মানসিক ভ্ৰমৰ চিকাৰ হয়। নিপা ভাইৰাচত আক্ৰান্ত ৰোগী ২৪ ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত ক’মা বা সজ্ঞাহীন হৈ যাব পাৰে। এজন ব্যক্তিৰ গাত ভাইৰাচ প্ৰবেশ কৰাৰ ৪ ঘন্টাৰ পৰা ২৮ ঘন্টাৰ ভিতৰত ব্যক্তি জনৰ এই ভাইৰাচৰ লক্ষণ প্ৰকাশ পাবলৈ ধৰে।
#নিপাৰ পৰা বাছিবৰ বাবে সংক্ৰমিত এলেকাৰ কিছুমান ফল বিশেষকৈ খেজুৰ খাব নালাগে। পক্ষীয়ে আধাখোৱা ফল বা তলসৰা ফল খাব নালাগে। বেমাৰত ভোগা গাহৰী, বাদূলি অৰ্থবা বেলেগ জন্তুৰ পৰাও আতৰত থাকিব লাগে। যিহেতু এই ভাইৰাচ এজন ব্যক্তিৰ পৰা অন্য এজনলৈ বিয়পিব পাৰে গতিকে এনে বেমাৰত ভোগা ব্যক্তিৰ পৰাও সাৱধানে থাকিব লাগে। ডাক্তৰৰ দ্বাৰা পৰীক্ষীত মাক্স পিন্ধাটো নিৰাপদ। ব্যক্তি জনৰ যদি মৃত্যু হয় তেতিয়াও সাৱধানতা অৱলম্বন নকৰাকৈ উচৰলৈ যাব নালাগে। স্বাস্থ্য কৰ্মী সকলে এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত ব্যক্তিক চিকিৎসাকৰাৰ সময়ত বা ছোৱাচিতা কৰাৰ সময়ত গ্লভ, মাক্স আদি ব্যৱহাৰ কৰিব লাগে। উশাহ লোৱাত কষ্ট, পচণ্ড মূৰৰ বিষ বা জ্বলন আদি লক্ষণ প্ৰকাশ পালেই ততালিকে ডাক্তৰৰ পৰামৰ্শ লব লাগে।
২০১৩ ত আফ্ৰিকান দেশসমূহত ইবলা নামৰ ভাইৰাছে মহামাৰী ৰুপ লয়। বিগত ৩ বছৰত এই ভাইৰাচে সৃষ্টিকৰা বেমাৰত ১১ হেজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয়। আৰু ইয়াৰ কিছু দিনৰ পিছতেই জিকা নামৰ এক ভাইৰাচে বিশ্ব বাসীক আতংকিত কৰি ৰাখে। যেতিয়া এই জিকা ভাইৰাচৰ সম্পূৰ্ণ চিকিৎসা উদ্ভৱ হল তেতিয়া লৈকে ভাৰতকে আদিকৰি বিশ্বত কেইবা হেজা মানুহৰ মৃত্যু হল। পৰিৱৰ্তীত জীৱন শৈলী আৰু পৰিৱৰ্তীত সময়ৰ লগে লগে মানুহৰ বাবেও কিছুমান ৰোগ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰা দেখা গৈছে।
Harikanta Das
Ph-9954340102

28/11/2017

সকলো প্ৰকাৰৰ বিষ নিৰাময়ৰ এক নিৰ্ভৰ যো�

Address

Gogamukh Gerukamukh Road
Gogamukh
787034

Alerts

Be the first to know and let us send you an email when Maa Homoeopathic and Physiotheraph rehabilitation centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Maa Homoeopathic and Physiotheraph rehabilitation centre:

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram