09/01/2023
গল্প -- ৰাধাৰ দোষ. Probita Saikia teacher Missamar HS school Misamara Golaghat,
নতুন ঘৰখনত এটা নতুন কাম কৰিবলৈ ললোঁ। মানে মাৰ উপদেশ - " আজিলৈকে ধুপ এডালো জ্বলাই নেপালি। পিছলৈ যি কৰ কৰিবি, প্ৰথমতে কিছুদিন অন্ততঃ গা ধুই ধুপ এডাল জ্বলাবি আৰু যদি পাৰ সন্ধিয়া ..." মাৰ কথা সম্পূৰ্ণ নহ'ল মোৰ চাৱনিত, যি কৰ কৰিবি বুলি আঁতৰি গৈছিল। হ'লেও মাকৰ মন। ছোৱালী এজনী উলিয়াই দিব নতুন ঘৰ এখনলৈ। যাতে কোনো অসুবিধা নোহোৱাকৈ দিনবোৰ পাৰ কৰিব পাৰে তাৰেই চিন্তা। হওঁতে বেছি অসুবিধা নাই, পৰিয়াল বুলিবলৈ মাক পুতেকহে। শাহুৰ অৱশ্যে মোক বোৱাৰী কৰিবলৈ পোনতে ইচ্ছা নাছিল। আমাৰ মামাৰ আগত কৈয়েই পেলাইছিল "ছোৱালী দেখাই শুনাই ভাল, পঢ়া-শুনাতো সোণৰ লগত মিলে, পিছে ভৱিষ্যতে মিটিৰ ৰাখিবলৈ ল'ৰা এটি থকা হ'লে ভাল আছিল" পিছত বিভিন্ন অনুঘটকৰ সহযোগিতাত বিয়া হৈছিলগৈ। মই পিছে এই ক্ষেত্ৰত নিৰ্বিকাৰ আছিলোঁ ।সেয়েহে মাৰ মনত ভয় এটা ভিতৰি ভিতৰি আছিল । বিয়াৰ পাছত কি বা পৰিস্থিতিৰ সুচনা হয়। গতিকে লোকক দেখুৱাই হ'লেও ...
যি কি নহওঁক সন্ধিয়াৰ প্ৰাৰ্থনা পিছলৈ থৈ পূৱাৰ কামফেৰাকে কৰি আছোঁ যোৱা আঠ মাহ ধৰি। ডাঙৰজনী ভন্টিয়েই থিক কৰি দিছিলহি উপাসনা থলী। বিয়াত উঠা ৰাধাকৃষ্ণৰ মূৰ্তি এটা ট্ৰে এখনৰ ওপৰত থৈ ড্ৰয়িং ৰুমতে। খোবাখুবুনীৰ পিছৰে পৰাই মাহেকত পাঁচদিন বাদ দি প্ৰতিদিনে এডালকৈ ধুপ ৰাধাকৃষ্ণৰ মূৰ্তি ৰ আগত জ্বলাই আহিছোঁ ।প্ৰায় দুই মিনিট মৌনতাৰে পাৰ কৰি প্ৰথমতে বৰ খেলিমেলিত পৰিছিলোঁ। পিছলৈ অৱশ্যে ভালেই লাগিছিলগৈ। এটা নৈমিত্তিক কাম। শাহুআইও খুচ্।
কিন্তু আজি ধুপ দিবলৈ আহি দেখিলোঁ, ৰাধাকৃষ্ণৰ মূৰ্তি চ'কেছৰ ভিতৰত। ট্ৰেখনৰ ওপৰত আছে কেৱল কৃষ্ণ। কাৰণ কি? মনত বহুতো কথাই পাকঘুৰণি খালে । এই
ঘটনাৰ আঁৰত কালি মোৰ প্ৰেগনেন্সি ৰিপ'ৰ্ট নহয়টো? নে কাকতালীয়ভাবেহে মিলি গৈছে? পাকঘৰৰ পৰাও শব্দ ভাঁহি আহিছে। শাহুআই আজি পাকঘৰত সোমাইছে। নিজেই চাহ বনাইছে। ভাবিলোঁ, এয়া কাকতালীয় নহয়। কিন্তু উপাসনা থলীৰ পৰা ৰাধাক কি কাৰণত আঁতৰোৱা হ'ল? গৰ্ভস্থ সন্তানৰ ওপৰত ৰাধাৰ প্ৰভাৱ কি হ'ব পাৰে? বিয়াৰ আগেয়ে মামাক কোৱা কথালৈ মনত পৰিল। "মিতিৰ ৰখীয়া" হ'ব পাৰে, ইয়ো হ'ব পাৰে ৰাধাক বিতাৰণৰ কাৰণ। মাই সেয়েহে চিন্তা কৰিছিল। মোৰ ক্ষেত্ৰতো কিজানি আমাৰ ঘৰৰ লেখিয়াই হয়। কিয়নো চাৰিজনীকৈ ছোৱালী জন্ম দি মায়ে হয়তো উপলদ্ধি কৰিছিল পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ সন্তাপ।
দুবছৰৰ অগাপিছাকৈ বা আৰু মোৰ জন্ম হোৱাৰ প্ৰায় সাত বছৰৰ পাছত আমাৰ পৰিয়ালত তৃতীয় সন্তান অৰ্থাৎ মোৰ ভন্টি এজনীৰ জন্ম হৈছিল। মই তেতিয়া নাজানিছিলোঁ যদিও বা নিশ্চিত আছিল আমাৰ ভাইটি এটাৰহে জন্ম হ'ব বুলি। হয়তো সকলোৱে ভাবিছিল সম্পত্তি ৰখিয়া আহিব ধৰালৈ। নাহিল। আৰু সকলোৰে আশাত চেঁচা পানী ঢালি আৰু এজনী ভন্টি তিনি বছৰৰ পাছত। তেতিয়ালৈ ময়ো বুজি উঠিছিলোঁ প্ৰথমজনী ভন্টি জন্মৰ আগত বা কিয় নিশ্চিত আছিল ভাইটি এটাৰহে জন্ম হ'ব বুলি। কিয়নো ল'ৰা সন্তান এটা পাবৰ বাবে আমাৰ ঘৰত বহুতো মাঙ্গলিক অনুষ্ঠানৰ লগতে দান দক্ষিণা, শৰাই আগবঢ়োৱা আদি কৰা হৈছিল। কিন্তু কোনো ব্যৱস্থাৰে ওপৰৱালাক সন্তুষ্ট কৰাটো সম্ভৱ নহৈছিলগৈ। ইতিমধ্যে আমি মানে মই আৰু বা বেলেগ ৰুমত শুবলৈ লৈছিলোঁ। মাজৰাতি কেতিয়াবা মা-দেউতাৰ মাজত অস্ফুত থোতা-মোজা হৈছিল। সেই যুদ্ধত কাৰ জয় হৈছিল নাজানিছিলোঁ কিন্তু পুত্ৰ সন্তান ৰ আশা হয়তো এৰি পেলোৱা হৈছিল আৰু আমাৰ ঘৰত পঞ্চম গৰাকী দেৱীৰো আগমন নঘটিল।
"ৰাস্না" শাহুআইৰ মাতত থতমত খালোঁ। দেখিলোঁ ধুপডালৰ আধাতকৈও বেছি পুৰিলে মোৰ হাততে। গৈছোঁ মা বুলি লৰালৰিকৈ ধুপডাল গুজি কিচ্ছেনৰ ফালে আগবাঢ়িলোঁ। পুতেকে মাকক বুজাই আছে "চোৱা মা ল'ৰা হ'বনে ছোৱালী হ'ব সেইটো ৰাস্না বা সিহঁতৰ ঘৰৰ ওপৰত নিৰ্ভৰ নকৰে। X আৰু Y নামৰ দুবিধ ক্ৰমজমৰ ওপৰতহে ল'ৰা বা ছোৱালী হোৱাটো নিৰ্ভৰ কৰে। X আৰু X ক্ৰমজম মিলিত হ'লে ছোৱালী আৰু X আৰু Y ক্ৰমজম মিলিত হ'লে ল'ৰা সন্তান জন্ম হয়। "নামঘৰত শৰাই দিলেও XY মিলিত নহ'ব নে?"। শাহুআইৰ প্ৰশ্নৰ উত্তৰ পুতেকে একো দিয়া নাছিল। পৰ্দাৰ আঁৰৰ পৰা ময়ো তেওঁৰ অসহায় মুখমণ্ডলো দেখা নাছিলোঁ।