20/11/2025
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আমি এটা অৰ্থপূৰ্ণ সহায়ৰ কাৰ্যৰ সৈতে উদযাপন কৰিলোঁ।
গেছষ্ট্ৰলাইফ আৰু অলকেয়াৰ ডায়গনষ্টিকছৰ সৈতে যৌথভাৱে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰি সম্প্রদায়িক স্বাস্থ্য সুৰক্ষা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰা হ'ল। পৰামৰ্শ পৰা লৈ পৰীক্ষা পৰ্যন্ত— সেই সন্ধিয়াটো পৰিপূৰ্ণ আছিল সহানুভূতি, সহযোগিতা আৰু অংশগ্ৰহণৰ উষ্ণতাৰে।
যিসকল এই উদ্যোগত অংশ লৈ শুবসময়টোক অধিক মূল্যৱান কৰিলে, তেওঁলোকক হৃদয়ৰ পৰা ধন্যবাদ। সুস্বাস্থ্য, আশা আৰু একতাবদ্ধতাৰ পথত আমাৰ আগবঢ়া অব্যাহত থাকক।