01/04/2020
অসমবাসী ৰাইজ,
COVID-19 (CORONAVIRUS) আজি আহি পদুলি মুখ পালেহি, গতিকে অলপ সাৱধানতা ৰাখি চলক। যেতিয়া Coronavirus চীন দেশত হৈছিল তেতিয়া ভাবিছিল ভাৰতত নহয়, যেতিয়া ভাৰতত হৈছিল তেতিয়া ভাবিছিল অসমত নহয়, কিন্তু আজি অসম পালে। পদুলি মুখৰ পৰা ঘৰত সোমাবলৈ বেছি সময় নালাগিব যদিহে সাৱধানতা অৱলম্বন নকৰে। আপুনি ঘৰত থাকি আমনি পাইছে তথাপি ঘৰতে থাকক, নহলে হস্পিতাল যাবলৈ হলে তাতকৈ বেছি আমনি পাব। এতিয়া কোন জাতি ধৰ্মৰ মানুহে আমাৰ সমাজত এই বেমাৰটো আনিলে অথবা জাতি ধৰ্মক লৈ যুদ্ধ বা ৰাজনীতি কৰাৰ সময় নহয়। আমি সকলোৱে মিলি এক হৈ বেমাৰতোক হৰুৱাব লাগিব, কাৰণ বেমাৰতো জাতি ধৰ্ম চাই নাহে। আপুনাৰ অলপ সাৱধানতাই নিজৰ পৰিয়াল আৰু সমাজ খনৰ জীৱন ৰক্ষা কৰিব। তলৰ সাৱধানতাবোৰ সদায় অবলম্বন কৰিব
১.চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি চলক, তালাবদ্ধ(Lock down) সফল কৰক।
২.বাহিৰৰ পৰা কিনি অনা যিকোনো বস্তু ভালকৈ ধুব, কাৰণ Coronavirus যিকোনো বস্তুৰ জৰিয়তে আপোনাৰ শৰীৰলৈ আহিব পাৰে।
৩. যিকোনো বস্তু খোৱাৰ আগতে হাত দুখন ভালকৈ চাবোন পানী বা হাত স্যানিটাইজাৰ(Hand sanitizer) ৰে চাফ কৰি খাব।
৪. নাক, মুখ, চকু স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালকৈ চাবোন পানী বা হাত স্যানিটাইজাৰ(Hand sanitizer) ৰে চাফ কৰি চুব।কাৰণ আমাৰ দেহত ভাইৰাছ বিধ তিনিটা অংগ(নাক, মুখ, চকু) ৰে প্ৰবেশ কৰিব পাৰে।
৫. এক মিটাৰ দূৰত্বৰ ব্যৱধান বজাই ৰাখকক।
৬. দেশ - বিদেশ ভ্ৰমণ কৰি অহা মানুহৰ পৰা আতৰি থাকক।
৭.কাহ চৰ্দি জ্বৰ হৈ থকা মানুহৰ পৰা আতৰি থাকক।
৮. Home Quarantine ত থকা মানুহৰ পৰা আতৰি থাকক।
জনসাধাৰণৰ স্বাৰ্থৰ অৰ্থে প্ৰচাৰ কৰক।