Dilip Kalita

Dilip Kalita যোগ (Yoga)

25/04/2021

*যোগ কৰো আহক*

সু -স্বাস্থ্য গঢ়াৰ বাবে বৰ্তমান মহামাৰী কʼৰণাৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ 'সহজ ব্যৱহাৰিক যোগ শিক্ষা' পুথিখন পঢ়ক আৰু যোগ কৰাৰ অভ্যাস গঢ়ক ।
কʼৰণা মহামাৰীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা দিয়া সকলো নিয়ম-নীতি মানি চলক । কʼৰণাৰ প্ৰতিষেধক চিতা গ্ৰহণ কৰক । কʼৰণা প্ৰতিৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখক, প্ৰতিজন লোকে মুখত মাস্ক্ পৰিধান কৰক আৰু সঘনাই চেনিটাইজাৰেৰে হাত দুখন চাফ-চিকুণ কৰি ৰাখক ।
যোৱা বছৰৰ পৰা কʼৰণা মহামাৰীয়ে পৃথিৱীত কাল ৰূপ ধাৰণ কৰিছে । পৃথিৱীৰ প্ৰায়বোৰ দেশতে এই মহামাৰীৰ আক্ৰমণ চলিছিল । ভাৰতবৰ্ষতো বিশেষ ক্ষতি সাধন হৈছে । আমাৰ শৰীৰ যদি সুস্থ আৰু শক্তিশালী হৈ থাকে তেতিয়া এই মহামাৰীয়ে বিশেষ কোনো ক্ষতি সাধন কৰিব নোৱাৰে ।
আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা অটুট ৰখাৰ সকলো সহজ বিধি এই যোগ শিক্ষাৰ পুথিখনত দিয়া হৈছে । সকলো বয়সৰ লোকে যোগ কেনেকৈ সহজভাৱে কৰিব পাৰে সেই সকলো চিত্ৰৰ জৰিয়তে দেখুওৱা হৈছে । কোনটো যোগ কেনেকৈ কৰিব লাগে তাৰ নিয়ম কৌশলৰ বিৱৰণ দিয়া হৈছে । লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে আমি কি কি আহাৰ কেতিয়া কেনেকৈ খাব লাগে সেই সকলো প্ৰণালী দিয়া হৈছে ।
ৰাতিপুৱা খালি পেটত পানী খাওঁতে তাৰ লগত মাহটোৰ প্ৰতিদিনে কি কি ঔষধি বস্তু কেনেকৈ খাব লাগে তাৰ তালিকা এখন দিয়া হৈছে ।
লিখকৰ এই যোগ সাধনা প্ৰায় বিয়াল্লিশ বছৰৰ অভিজ্ঞতা আৰু পৰীক্ষণৰ ফলাফল ।
পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে এই পুথিখন এখন উৎকৃষ্ট মানদণ্ডৰ পুথি বুলি সদাশয় ৰাইজে গ্ৰহণ কৰক । এয়ে লিখকৰ কামনা ।

দিলীপ ভাই
৯০৮৫৪-২১২৭২

25/07/2020

মহামাৰী কʼৰণাৰ পৰা ৰক্ষা পোৱাৰ বাবে
"সহজ ব্যৱহাৰীক যোগ শিক্ষা"
পুথিখন পঢ়ক আৰু যোগ কৰাৰ অভ্যাস কৰক

কʼৰণা মহামাৰী বিষয়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা দিয়া সকলো নিয়ম-নিৰ্দেশনা মানি চলক আৰু কʼৰণা প্ৰতিৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখক, লগতে সকলোৱে মুখত মাক্স পৰিধান কৰক ।
বৰ্তমান পৃথিৱীৰ সকলোদেশতে কʼৰণা মহামাৰীয়ে দেখা দিছে । আমাৰ শৰীৰ যদি সুস্থ্য আৰু সু - স্বাস্থ্যপূৰ্ণ হয়, তেতিয়া এই কʼৰণা মহামাৰীৰ বিজাণুয়ে আমাৰ দেহৰ কোনো ক্ষতি কৰিব নোৱাৰে । আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা যদি ঠিকে থাকে, এই মহামাৰীয়ে আমাৰ শৰীৰত কোনো ৰোগৰ সৃষ্টি কৰিব নোৱাৰে ।

শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা অটুত ৰখাৰ সকলো সহজ বিধি এই যোগ শিক্ষাৰ পুথিখনত দিয়া হৈছে । যোগ কেনেকৈ কৰিব লাগে সেই সকলো চিত্ৰৰ জৰিয়তে দেখুওৱা হৈছে । কোনটো যোগ কেনেকৈ কৰিব পাৰি তাৰ নিয়ম কৌশলৰ বিৱৰণ দিয়া হৈছে । লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে আমি কি কি আহাৰ, কেতিয়া, কেনেকৈ খাব লাগে সেই সকলো প্ৰণালী দিয়া হৈছে ।

ৰাতিপুৱা খালীপেটত পানী খোৱাৰ সময়ত, তাৰে লগত মাহৰ প্ৰতিদিনে কি কি ঔষধি বস্তু কেনেকৈ খাব লাগে তাক তালিকা ভুক্ত কৰি দেখুওৱা হৈছে ।
লিখকৰ এই যোগ সাধনা প্ৰায় চল্লিশ বছৰৰ অভিজ্ঞতাৰ ফল ।
পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যে এই পুথিখন এখন সময় উপযোগী উৎকৃষ্ট মানদণ্ডৰ পুথি বুলি সদাশয় ৰাইজে গ্ৰহণ কৰিব বুলি আশা কৰিলো ।
কিতাপখনৰ কʼপি আগতীয়াকৈ পাব বিচাৰিলে যোগাযোগ কৰক ।

দিলীপ ভাই
(ফো:) ৯০৮৫৪২১২৭২

Address

Hajo
781104

Website

Alerts

Be the first to know and let us send you an email when Dilip Kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Share on Facebook Share on Twitter Share on LinkedIn
Share on Pinterest Share on Reddit Share via Email
Share on WhatsApp Share on Instagram Share on Telegram

Category