28/10/2018
সাম্প্ৰতিক সময়ৰ এক বিশেষ অভিব্যক্তি হৈছে নাৰী সৱলীকৰণ ৷ সমানেই আলোচিত হয় আকৌ নাৰী নিৰ্যাতন ৷ কোৱা হয় অধিকাৰৰ কথা, সংৰক্ষণৰ কথা ৷
ধৈৰ্যৰ প্ৰতীক জয়মতী, সাহসৰ দেৱী কনকলতা, কৰ্মদক্ষতাৰ উদাহৰণ মূলা গাভৰু, তেজস্বী স্বাভিমানৰ গৰাকী সাধিনীৰ দেশত আজি নাৰী সৱলীকৰণৰ কথা কৱ লগা হোৱাটো পৰিতাপৰ বিষয় ৷
এখন ঘৰত যদি 3/4 জন পুৰুষ থাকে, তেওঁলোকে নিজৰ মতে ভিন্ন ৰাজনৈতিক আদৰ্শ আকোৱালি লৱ পাৰে, কিন্তু তেওঁলোকৰ মাতৃ, পত্নী, বাই, ভনী কোনো নাৰীয়ে পাৰিবনে নিজৰ পুৰুষজনৰ বিপৰীত দলক সমৰ্থন কৰিব? এয়াই জলন্ত প্ৰমাণ নাৰী সৱলীকৰণত থকা দুৰ্বলতাৰ ৷ অসমৰ নাৰী সৱল হৱৰ সময় আহিল ৷ কোনোবা পাকঘৰতে সীমাবদ্ধ, কোনোবা দূৰ বিদেশত ৷ কিন্তু মানসিকতা? মানসিকতাৰ পৰিবৰ্তনৰ অবিহনে নাৰী সদায় অবহেলিত হৈয়ে ৰৱ ৷
বুজিবৰ সময় আহিল নাৰীয়ে নিজৰ অদম্য শক্তি, কৰ্মস্পৃহা, নিষ্ঠা, দৃঢ়মন, বুদ্ধিমত্তা আদি ঈশ্বৰপ্ৰদত্ত স্বগৰিমাবোৰক ৷ ৰাজপথত নাৰী সৱলীকৰণৰ শ্ল'গানেৰে নহয়, নাৰী সৱলীকৰণ হওক প্ৰতিঘৰ মানুহৰ পৰা, পুৰুষ আৰু মহিলাৰ উমৈহতীয়া প্ৰচেস্টাত হওক নাৰী সৱলীকৰণ প্ৰক্ৰিয়া ৷ পুৰুষেও বুজিব লাগিব যে নাৰী সৱলীকৰণ মানে পুৰুষ দুৰ্বল নহয় , নাৰী সৱলীকৰণ হওক ঘৰ একোখনৰ, পৰিয়ালৰ, সমাজৰ প্ৰগতিৰ বাবে ৷
এনে এক প্ৰেক্ষাপটতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদতে গ্ৰহণ কৰিছে এক বিশেষ আদৰণীয় পদক্ষেপ। সাম্প্ৰতিক সময়ত চলি থকা নাৰী ধৰ্ষণ, নাৰী-নিৰ্যাতন সময়তেই ভাৰতবৰ্ষ তথা অসমৰ সকলো বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে **Mission Sahasi** শীৰ্ষক নাৰীসবলীকৰণ মূলক এক বিশেষ বিনামূলীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে। এই পদক্ষেপটি গ্ৰহণ কৰাৰ মূল উদ্দেশ্য হ'ল ---- **ছাত্ৰীসকলক শাৰিৰীক তথা মানসিকভাৱে সুস্থ, সবল কৰি বৰ্তমান সময়ত চলি থকা নাৰী নিৰ্যাতন/নাৰী ধৰ্ষণ বিৰুদ্ধে মাত মাতিবলৈ তথা নিজকে ৰক্ষা কৰিবলৈ মনোবল তথা সাহস দিয়া।**
সেই উপলক্ষে দৰং জিলাতো যোৱাকালিৰে পৰা মঙলদৈ মহাবিদ্যালয় খেল পথাৰত এই **Mission Sahasi** শীৰ্ষক বিশেষ বিনামূলীয়া প্ৰশিক্ষণ পদক্ষেপটি আৰম্ভ হৈছে। সেয়েহে উক্ত পদক্ষেপটি সফল ৰূপায়ণ কৰিবলৈ সকলোৰে সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো।
আহক আমি সকলো নাৰী সজাগ হওঁ। বৰ্তমান সময়ত চলি থকা নাৰী-ধৰ্ষণ/ নাৰী-নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবলৈ থিয় দিও।
_______________
চয়ানিকা নাথ