15/04/2026
আজি ৰঙালী বিহুৰ এই শুভ ক্ষণত আমাৰ NMH পৰিয়ালৰ বাবে এক অতি গৌৰৱৰ দিন। আমাৰ সন্মানীয় ডাঃ Swagata Baishya বাইদেউক আজি দুখনকৈ বিশেষ অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয়। প্ৰথমে, অসম নাট্য সন্মিলনৰ নলবাৰী শাখাৰ বিষয়ববীয়াসকলে আমাৰ চিকিৎসালয় প্ৰাংগণত উপস্থিত হৈ বাইদেউক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে, সদৌ অসম ছাত্ৰ সন্থা আৰু নলবাৰী টাউন ডেভেলপমেণ্ট চ’চাইটিৰ উদ্যোগত আয়োজিত বিহু উদযাপন সমিতিয়ে বাইদেউক বিশেষভাৱে নিমন্ত্ৰণ জনায় আৰু বিহুৰ মুকলি মঞ্চত তেখেতক গৌৰৱেৰে সন্মানিত কৰে। বাইদেউৰ এই সফলতাত আমি NMH পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অতি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ।