14/12/2025
এনাজৰী উন্নয়ন সমিতিৰ সহযোগত সমন্বয় পুথিভঁৰাল, বিহামপুৰ (চামতা), নলবাৰীৰ সপ্তদশ বৰ্ষপূৰ্তিৰ মূল অনুষ্ঠানৰ অংশ হিচাপে আজি বিদ্যালয় পৰ্যায়ত এক কুইজ প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। নলবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ পৰা প্ৰায় ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো অধিক অৰ্থবহ কৰি তোলে।
প্ৰতিষ্ঠিত কুইজ মাষ্টাৰ দেৰাজুদ্দিন আহমেদে সুকৌশলে আঁত ধৰা এই কুইজ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে এনাজৰী উন্নয়ন সমিতিৰ সভাপতি মতিউৰ ৰহমানে। অনুষ্ঠানটোত এনাজৰী উন্নয়ন সমিতিৰ উপসভাপতি বাসন্তা বৈষ্য, সম্পাদক তাজিমূল হক, উপদেষ্টা জামানুল ইছলামৰ লগতে কাৰ্যালয় কাৰিকৰী সহায়ক ৰচিদুল জামান উপস্থিত থাকে।
আজিৰ কুইজ প্ৰতিযোগিতাৰ ফলাফল অনুসাৰে—
• প্ৰথম স্থান: হিমলিনা বৰুৱা আৰু মঞ্জিষ্ঠা কুমাৰ
• দ্বিতীয় স্থান: ধৃতিৰাজ শৰ্মা আৰু হিমান্শু ডেকা
• তৃতীয় স্থান: শুভ্ৰজিত বুজৰবৰুৱা আৰু ৰক্তিম ভৰদ্বাজ
ইয়াৰ উপৰিও চতুৰ্থৰ পৰা ষষ্ঠ স্থান লাভ কৰা তিনিটা দলকো সন্মানিত কৰা হয়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলসমূহক নগদ ধন, পুথি আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
এনে ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে এনাজৰী উন্নয়ন সমিতিয়ে শিক্ষা, শিশু বিকাশ, পাঠাভ্যাস গঢ়ি তোলা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত নিজৰ অঙ্গীকাৰ পুনৰ দৃঢ় কৰিছে। সমাজৰ প্ৰান্তীয় শিশু-কিশোৰসকলক জ্ঞান, নৈতিকতা আৰু সৃষ্টিশীলতাৰ পথেদি আগবঢ়াই নিয়াৰ লক্ষ্যৰে কৰা এই প্ৰচেষ্টাত সকলোৰে সহায়, সহযোগিতা আৰু উপস্থিতি আন্তৰিকভাৱে কামনা কৰা হৈছে।
আজিৰ অনুষ্ঠানটো সফলভাৱে আয়োজন কৰাৰ বাবে সমন্বয় পুথিভঁৰালৰ মাননীয় সম্পাদক আবেদুৰ ৰহমান ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি নুৰুল ইছলাম ডাঙৰীয়ালৈ এনাজৰী উন্নয়ন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰা হৈছে।
Quiz Competition on the Occasion of the 17th Foundation Day of Samanwaya Puthibharal
With the support of Anajori Development Society, the Samanwaya Puthibharal, Bihampur (Chamta), Nalbari successfully organized a school-level quiz competition today as a part of its 17th Foundation Day celebrations. Around 60 participants from Nalbari district and its adjoining areas took part in the competition, making the event lively and meaningful.
The quiz competition was efficiently conducted by renowned quiz master Derajuddin Ahmed. The programme was formally inaugurated by Mr. Matiur Rahman, President of Anajori Development Society. The event was also graced by the presence of Ms. Basanta Baishya (Vice President), Mr. Tajimul Haque (Secretary), Mr. Jamanul Islam (Advisor), and Mr. Rashidul Zaman (Office Technical Assistant) of Anajori Development Society.
Results of the Quiz Competition:
• First Prize: Himlina Baruah and Manjistha Kumar
• Second Prize: Dhritiraj Sarma and Himangshu Deka
• Third Prize: Subhrajit Bujarbaruah and Raktim Bharadwaj
In addition, three teams securing fourth to sixth positions were also awarded. The teams securing first, second, and third positions were felicitated with cash prizes, books, and certificates.
Through such initiatives, Anajori Development Society has once again reaffirmed its commitment to education, child development, promotion of reading habits, and social responsibility. The programme aims to empower children and adolescents from marginalized communities by guiding them towards knowledge, values, and creativity.
Anajori Development Society also expressed its special gratitude to Mr. Abedur Rahman, Hon’ble Secretary of Samanwaya Puthibharal, and Mr. Nurul Islam, Working President, for their dedicated efforts in successfully organizing today’s programme.