02/11/2025
প্ৰায় ৫০ বছৰ বয়সীয়া ভদ্ৰ মহিলা এগৰাকী ওপৰৰ পাৰিৰ সন্মুখৰ বেয়া দাঁত দুটা ঠিক কৰিবলৈ আমাৰ ওচৰলৈ আহে।ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত বেয়া হোৱা দাঁত দুটি উঠাই দি তাৰ ঠাইত ইমপ্লাণ্টৰ সহায়ত স্থায়ী দাঁত লগোৱাৰ প্ৰস্তাৱ দিয়া হয়।সেই অনুসৰি বেয়া দাঁত দুটি উঠাই একেদিনাই তাৰ ঠাইত ইমপ্লান্ট লগোৱা হয়।তিনিমাহৰ পিছত পৰীক্ষা-নিৰীক্ষা কৰি সকলো থিকে থকাত ইমপ্লাণ্ট দুটিৰ ওপৰত কৃত্ৰিম দাঁত লগাই দিয়া হয়।