14/10/2025
ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম শিৱসাগৰ জিলাৰ অধীনত শিশুৰ স্বাস্থ্যৰ উত্তৰণৰ বাবে কৰা বিভিন্ন কার্যৱালী সমূহ যেনে শিশুৰ বিভিন্ন গুৰুতৰ ৰোগৰ পৰীক্ষা তথা চিকিৎসা,পোষণ মাহৰ সজাগতা,পুষ্টিহীনতাত ভোগা শিশুক পৰিপুষ্টি প্ৰদান,ৰাষ্ট্ৰীয় বধিৰতা নিয়ন্ত্ৰণ আঁচনিৰ অধীনৰ বিভিন্ন কাৰ্যক্ৰমণিকা সম্পাদন ইত্যাদি।শিশুৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰে লোৱা প্ৰতিটো কাৰ্যৱলীৰ সফল ৰূপায়নত সদায়ে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম শিৱসাগৰ জিলাই সক্ৰিয় আৰু সবল ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতেওঁ পালনৰ প্ৰতিশ্ৰুতিবদ্ধ।