07/11/2025
IBS বা গ্ৰহণী ৰোগ
IBS বা গ্ৰহণী ৰোগ হৈছে পাচনতন্ত্ৰৰ এক সাধাৰণ কিন্তু দীৰ্ঘদিনীয়া সমস্যা। এই ৰোগৰ সঠিক কাৰণ জনা নাযায় যদিও, ইয়াৰ লক্ষণসমূহ সঠিক চিকিৎসা, খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰি।
IBS ৰ লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে, আৰু এইবোৰ সঘনাই সলনি হৈ থাকে। সাধাৰণ লক্ষণসমূহ হ'ল:
পেটৰ বিষ আৰু কামোৰণি: এই বিষ প্ৰায়ে শৌচ কৰাৰ পিছত কমে।
পেট ফুলা আৰু গেছ: অত্যাধিক গেছ আৰু পেট ওফন্দি থকাৰ অনুভৱ.
কিছুমান লোকৰ সঘনাই পাতল শৌচ হয়, আনহাতে কিছুমানৰ কোষ্ঠকাঠিন্য হয়। দুয়োটা লক্ষণ একেলগেও দেখা দিব পাৰে।
# শৌচৰ তাৰতম্য: শৌচৰ অভ্যাস সলনি হোৱা, কেতিয়াবা শৌচৰ লগত শ্লেষ্মা (mucus) ওলোৱা।
# সম্পূৰ্ণ শৌচ নোহোৱাৰ অনুভৱ: শৌচ কৰাৰ পিছতো পেট সম্পূৰ্ণ খালী নোহোৱা যেন লগা।
যদিও IBS ৰ কোনো এটা নিৰ্দিষ্ট কাৰণ নাই, কিন্তু কিছুমান কাৰকে এই ৰোগৰ সৃষ্টি বা বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে। যেনে....
@ মানসিক উদ্বিগ্নতা, খং বা দীৰ্ঘদিনীয়া মানসিক চাপে IBS ৰ লক্ষণসমূহ বৃদ্ধি কৰিব পাৰে।
@ অধিক তেল-মচলাযুক্ত খাদ্য, ফাষ্টফুড, আটা, দুগ্ধজাত সামগ্ৰী, আৰু কাৰ্বনযুক্ত পানীয় আদি কিছুমান খাদ্যই সমস্যাটো বঢ়াব পাৰে।
@ কেতিয়াবা পাচনতন্ত্ৰত হোৱা কোনো গভীৰ সংক্ৰমণৰ পিছতো এজন ব্যক্তি IBS ত আক্ৰান্ত হ'ব পাৰে।
@ IBS ৰোগীৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ ভাৰসাম্যহীনতাৰ কাৰনেও অসুবিধা ভোগ কৰি থাকিব পাৰে।
জীৱনশৈলী পৰিবৰ্তন কৰিম বুলি ভাবিও আমি কৰিব নোৱাৰাৰ কাৰনে বেমাৰটোক আয়ত্বত আনিব নোৱাৰো। কিছু কাৰণ এনে ধৰনৰ.....
সঠিক সময়ত খাদ্য গ্ৰহণ নকৰা, পৰ্যাপ্ত টোপনি নহা আৰু ব্যায়াম নকৰাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে, যাৰ ফলত খাদ্য হজম কৰিবলৈ কঠিন হৈ পৰে। সেয়ে সঠিক সময়ত আহাৰ গ্ৰহণ কৰা, পৰ্যাপ্ত টোপনি যোৱা, আৰু দৈনিক ব্যায়াম বা যোগাসন কৰাটো অতি জৰুৰী। আঁহযুক্ত খাদ্য যেনে দাইল, সেউজীয়া শাক-পাচলি, ফল-মূল আদি খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। ভজা-মচলাযুক্ত আৰু জাংক ফুড পৰিহাৰ কৰিব লাগে।দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে।ধ্যান, যোগাসন বা আন যিকোনো ধৰণে মানসিক চাপ কমাবলৈ চেষ্টা কৰিব লাগে।
যদি লক্ষণসমূহ বেছি দিন ধৰি থাকে, তেন্তে এজন অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যবহাৰ কৰি আৰোগ্য লাভ কৰিব পাৰি। তলত কেইটামান কাৰ্য্যকৰি হোমিও' ঔষধৰ আলোচনা কৰা হ'ল......
• Nux Vomica : এই ঔষধটো সাধাৰণতে সেইসকল লোকক দিয়া হয় যিসকলে অত্যধিক তেল-মচলাযুক্ত খাদ্য, এলকহ'ল বা মানসিক চাপৰ বাবে IBS-ত ভোগে। লক্ষণসমূহৰ ভিতৰত কোষ্ঠকাঠিন্য, পেট ফুলা আৰু খঙাল স্বভাৱ অন্যতম।
• Lycopodium Clavatum : এইটো বিশেষকৈ অত্যাধিক গেছ আৰু পেট ফুলাৰ বাবে উপযোগী, বিশেষকৈ আবেলি বা সন্ধিয়াৰ সময়ত। মিঠা খাদ্যৰ প্ৰতি আকৰ্ষণ আৰু কোষ্ঠকাঠিন্যৰ সৈতে ডায়ৰিয়াৰ সলনি হোৱা লক্ষণ দেখা যায়।
• Argentum Nitricum : যদি মানসিক চাপ বা উদ্বেগৰ বাবে, বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ ঘটনাৰ আগতে, হঠাতে ডায়ৰিয়া হয়, তেন্তে এই ঔষধটো সহায়ক হ'ব পাৰে।
• Colocynthis : পেটত তীব্ৰ বিষ আৰু কেঁকোৰা-কেঁকোৰী অনুভৱ কৰা লোকৰ বাবে এই ঔষধটো ব্যৱহাৰ কৰা হয়। পেটত চাপ দিলে বা গৰম পানীৰ ব্যৱহাৰ কৰিলে বিষ কমি যায়।
• Aloe Socotrina : এই ঔষধটো বিশেষকৈ পুৱা ভাগত হোৱা অনিয়ন্ত্ৰিত আৰু হঠাতে শৌচ লগা ডায়ৰিয়াৰ বাবে উপযোগী।
মনত ৰাখিবলগীয়া কথা:
হোমিওপ্যাথিক চিকিৎসা ব্যক্তিগত লক্ষণৰ ওপৰত আধাৰিত। সেয়েহে, যিকোনো ঔষধ সেৱন কৰাৰ আগতে এজন যোগ্যতাসম্পন্ন হোমিওপ্যাথিক চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক। চিকিৎসকজনে আপোনাৰ সঠিক লক্ষণ আৰু স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি উপযুক্ত ঔষধ নিৰ্ধাৰণ কৰিব।